গোসাঁইগাঁৱৰ শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ আদৰণীয় পদক্ষেপ
গোসাঁইগাঁৱৰ শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ আদৰণীয় পদক্ষেপ।
গোসাঁইগাঁৱৰ শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ আদৰণীয় পদক্ষেপ


কোকৰাঝাৰ, ০৯ জানুৱাৰী (হি.স.): ভাৰতীয় সংস্কৃতিৰ সংৰক্ষণ আৰু ছাত্ৰ- ছাত্ৰীৰ মাজত গুণগত আৰু নৈতিক শিক্ষাৰ প্ৰসাৰৰ লগতে আধুনিক শিক্ষাৰে প্ৰকৃত শিক্ষিত কৰি তোলাৰ লক্ষ্য স্হিৰ কৰি ১৯৯৮ চনৰ পৰা গোসাঁইগাঁও শংকৰদেৱ শিশু নিকেতন নিজৰ গৰিমা অক্ষুন্ন ৰাখিছে।চৌদিশে ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় উপলব্ধ থকা সত্বেও সচেতন আৰু প্ৰকৃত শিক্ষানুৰাগী পিতৃ মাতৃ তথা অভিভাৱক সকলে নিজৰ সন্তানক মানৱীয়গুণ সম্পন্ন শিক্ষা লাভ কৰিবলৈ শংকৰদেৱ শিশু নিকেতনত ভৰ্তি কৰে। ইয়াত ছাত্ৰ- ছাত্ৰীৰ বাবে সকলো সুবিধা আছে।

সুশিক্ষিত তথা অভিজ্ঞতা সম্পন্ন শিক্ষক শিক্ষয়িত্ৰীয়ে নাৰ্ছাৰীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক পাঠদান কৰায়। গোসাঁইগাঁওস্হিত শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য্য-আচাৰ্য্যা সকলেও ছাত্ৰ ছাত্ৰীক ভাৰতীয় সংস্কৃতিৰ লগত জড়িত কৰি আধুনিক শিক্ষাৰে শিক্ষিত কৰাৰ বাবে প্ৰাণপন চেষ্টা কৰে বুলি শিক্ষানুষ্ঠানখনৰ প্ৰধান আচাৰ্য্যাই মৌচুমী ভট্টাচাৰ্য্যই জানিবলৈ দিয়ে।

তেঁও আৰু কয় অহা ১৮ জানুৱাৰীত উক্ত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপৰি বিভিন্ন বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ এখন প্ৰৱেশিকা পৰীক্ষাৰ আয়োজন কৰা হৈছে। এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে দশম শ্ৰেণীত পাঠৰত ছাত্ৰ ছাত্ৰীক তেঁও আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande