
নগাও, ০৯ জানুৱাৰী (হি.স.)। ৰহাৰ হাটবৰ ঐতিহাসিক অৰ্মচা বিলৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে মীন বিভাগৰ সৈতে ৰাজহুৱা সভা সম্পন্ন। ৰহাৰ হাটবৰ ঐতিহাসিক অৰ্মচা বিল, যিখন বিলত মাঘ বিহুৰ সময়ত সমুহীয়া মৎস্য চিকাৰৰ পৰম্পৰাৰ আছিল যদিও সেইয়া যেন ক'ৰবাত সময়ৰ গতিত হেৰাই গৈছিল কিন্তু যোৱা বছৰৰ পৰা পুনৰ তিৱা দেউৰজা সুৰেন্দ্ৰ নাথ কোঁৱৰে ৰাইজৰ বাবে মোকলাই দিছিল বিলখন।
বৰ্তমান সময়ত বিল খনৰ সুৰক্ষা আৰু উন্নয়নৰ স্বাৰ্থত আমচৈ হাটবৰ ট্ৰাইবেল সংঘৰ উদ্যোগত এক ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত সভাত বিজ্ঞান সন্মত ভাবে মৎস পালন কৰি অঞ্চলৰ লোকসকল কি দৰে স্বাৱলম্বি হব পাৰি সেই বিষয়ে মীন বিভাগৰ সৈতে আলোচনাত মিলিত হয়। স্থানীয় ৰাইজ, তিৱা দেউৰজা শ্ৰী সুৰেন্দ্ৰ নাথ কোঁৱৰ আৰু মীন বিভাগৰ কেইবা গৰাকীও বিষয়াৰ উপস্থিতিত সম্পন্ন হয় এই আলোচনা। আলোচনৰ অন্তত ঐতিহাসিক অৰ্মচা বিলৰ সুৰক্ষা আৰু উন্নয়নৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা মীন বিভাগে গ্ৰহণ কৰাৰ আশ্বাস দিয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা