
শিৱসাগৰ ০৯ জানুৱাৰী (হি.স.): সমগ্ৰ ৰাজ্যতে এতিয়া বিহু বিহু লগা পৰিবেশ। হেঁপাহৰ ভোগালী বা মাঘ বিহুক আদৰাৰ বাবে সমগ্ৰ ৰাজ্যত পূৰ্ণ প্ৰস্তুতি চলিব ধৰিছে। ৰাজ্যখনৰ লগতে শিৱসাগৰ জিলাতো ভোগালী বিহুক আদৰাৰ প্ৰস্তুতিত ব্যস্ত অসমীয়া। মাঘ বিহুৰ বাবে ভেলা ঘৰ, মেজি সজাৰ প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ আখলত ব্যস্ত অসমীয়া জীয়ৰী, বোৱাৰী সকল।
শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ নামদাং নগাআলিৰ আখলঘৰতো ব্যস্ত হৈ পৰিছে মহিলা সকল। বিহুত অতিথিক আদৰিবৰ বাবে পিঠা-পনা তৈয়াৰ কৰাত ব্যস্ত মহিলাসকল। হাঁহি ফূৰ্তিৰে আখলত তৈয়াৰ কৰিছে তিল পিঠা, ঘিলা পিঠা, নাৰিকলৰ লাৰু, তিলৰ লাৰু আদি। বিহুত অতিথিক আপ্যায়নৰ বাবে সাজু কৰা হৈছে বাঁহৰ চুঙাৰ মহৰ দৈ।
ইফালে মানসী বৰুৱা দাস নামৰ মহিলা গৰাকীৰ নেতৃত্বত গাঁওখনৰ মহিলাসকলে একে সময়তে গঢ়ি তুলিছে এটা সৰু উদ্যোগো। ঢেকীত খুন্দা পিঠাগুৰিৰে তৈয়াৰ কৰা পিঠাপনা যোগান ধৰিছে গ্ৰাহকক।ভোগৰ উৎসৱ ভোগালীক আদৰিবৰ বাবে পূৰ্ণ প্ৰস্তুতি চলিব ধৰিছে শিৱসাগৰত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ