
বাক্সা, ০৯ জানুৱাৰী (হি.স.): নঙলা মুখত বাপতি সাহোন হেঁপাহৰ ভোগালী বিহু। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিব ধৰিছে। বাক্সাৰ ভলুকামূৰী পূৱ বকুৱাত ভোগালী বিহুৰ লগত সংগতি ৰাখি দুদিনীয়া কাৰ্যসূচীৰে মুৰুলী মিউজিক ফেষ্টিভেল আয়োজন কৰা হৈছে। অহা ১০ আৰু ১১জানুৱাৰীত অনুষ্ঠিত হ'ব মুৰুলী মিউজিক ফেষ্টিভেল।
পথাৰত নৰা কাটি খেৰ বুটলি সাজি উলিয়ায় ভেলাঘৰ আৰু মেজি। গাঁৱৰ শিশু পৰা আৰম্ভ কৰি ডেকা বুঢ়া সকলোৰে দেহমন সাতখন-আঠখন হৈ পৰিছে আৰু ব্যস্ত হৈছে মেজি, ভেলাঘৰ সজাত। গাভৰু সকলো কঁকাল ভাঙি এপাক মেজিৰ কাষত নাচিলে ভোগালীক আদৰাৰ আনন্দত। প্ৰাণৰ শিল্পী হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গৰ মায়াবিনী গীতিৰ মাজেৰে মাঘ বিহুৰ প্ৰস্তুতি অব্যাহত ৰাখিছে ডেকা-গাভৰু সকলে। উক্ত অনুষ্ঠানত ভোগালী বিহুৰ পিঠা-পনাৰ লগতে হাতে বোৱা কাপোৰৰ প্ৰদৰ্শন কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ