আগমনিৰ কালডোবা বজাৰত আগমনি আৰক্ষীৰ অভিযান, বৃহত পৰিমাণৰ বালাতী সুৰা, চুলাই মদ জব্দ
ধুবুৰী, ০৯ জানুৱাৰী (হি.স.)। আগমনিৰ কালডোবা বজাৰত কালি নিশা আগমনি আৰক্ষীৰ অভিযান। অবৈধ মদৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযান।আৰক্ষীয়ে অভিযান চলায় ৪০ টা বিলাতী সুৰাৰ বটল আৰু ১৮৩ পেকেট চুলাই মদ জব্দ কৰে। আগমনি আৰক্ষীয়ে বাবুৱা নামৰ এজন লোকৰ ঘৰত অবৈধ মদ
আগমনিৰ কালডোবা বজাৰত আগমনি আৰক্ষীৰ অভিযান, বৃহত পৰিমাণৰ বালাতী সুৰা, চুলাই মদ জব্দ


ধুবুৰী, ০৯ জানুৱাৰী (হি.স.)। আগমনিৰ কালডোবা বজাৰত কালি নিশা আগমনি আৰক্ষীৰ অভিযান। অবৈধ মদৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযান।আৰক্ষীয়ে অভিযান চলায় ৪০ টা বিলাতী সুৰাৰ বটল আৰু ১৮৩ পেকেট চুলাই মদ জব্দ কৰে।

আগমনি আৰক্ষীয়ে বাবুৱা নামৰ এজন লোকৰ ঘৰত অবৈধ মদৰ বিৰুদ্ধে অভিযান চলায় এই বৃহত পৰিমাণৰ সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিনৰ পৰা বাবুৱাই নিজা বাসগৃহত অবৈধ ভাৱে মদ বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলায় আজি সফলতা লাভ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ধৃত লোকজনক অধিক তথ্যৰ বাবে জেৰা চলায় আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande