লংকাত ১নং কাকী খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভোগালী মেলা
হোজাই, ০৯ জানুৱাৰী (হি.স.)। লংকাৰ ১নং কাকী খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে ভোগালী মেলা অনুষ্ঠিত। লংকাৰ ১নং কাকী খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান হোজাই জিলা শাখাৰ উদ্যোগত আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰে ভো
লংকাত ১নং কাকী খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভোগালী মেলা


হোজাই, ০৯ জানুৱাৰী (হি.স.)। লংকাৰ ১নং কাকী খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে ভোগালী মেলা অনুষ্ঠিত। লংকাৰ ১নং কাকী খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান হোজাই জিলা শাখাৰ উদ্যোগত আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰে ভোগালী মেলা অনুষ্ঠিত।

আজিৰ পৰা অনুষ্ঠিত উক্ত ভোগালী মেলা ফিটা কাটি শুভ উদ্বোধন কৰে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই। পৰবৰ্তী সময়ত উক্ত অনুষ্ঠানত লগত সংগতি ৰাখি অনুষ্ঠিত হয় এখনি সভা । পৰবৰ্তী সময়ত জিলা খনৰ আত্মসহায়ক গোটৰ মহিলা সকলৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰে অনুষ্ঠিত হোৱা মেলাৰ বিভিন্ন সামগ্ৰী বিপনী, জনগোষ্ঠীয় সাজপাৰৰ বিপনী পৰিদৰ্শন কৰে বিধায়ক শিবু মিশ্ৰই। উক্ত অনুষ্ঠানত বিধায়ক শিবু মিশ্ৰৰ উপৰিও হোজাই জিলা পৰিষদৰ সভানেত্ৰী জুন্তি বৰাকে প্ৰমুখ্য কৰি বিভাগীয় হোজাই জিলাৰ বিষয়া কৰ্মচাৰীও উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande