ড্ৰাগছ, মদ,জুৱাৰ আদ্দাত পৰিণত হৈছে লামডিং ৰাজ্যিক পশু চিকিতসালয়ৰ কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰ
হোজাই, ০৯ জানুৱাৰী (হি.স.)। লামডিংত ৰাজ্যিক পশু চিকিৎসালয় কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰটো ড্ৰাগছ, মদ,জুৱা আদি আড্ডাত পৰিণত হৈ্ছে শিকাৰ শয়ন পশু চিকিৎসক। হোজাই জিলাৰ অন্তৰ্গত পূব লামডিং স্থিত ৰাজ্যিক পশু চিকিৎসালয়ৰ গো প্ৰজনন কেন্দ্ৰটো বৰ্তমান ড্ৰাগছ,
ড্ৰাগছ, মদ,জুৱাৰ আদ্দাত পৰিণত হৈছে লামডিং ৰাজ্যিক পশু চিকিতসালয়ৰ কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰ


হোজাই, ০৯ জানুৱাৰী (হি.স.)। লামডিংত ৰাজ্যিক পশু চিকিৎসালয় কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰটো ড্ৰাগছ, মদ,জুৱা আদি আড্ডাত পৰিণত হৈ্ছে শিকাৰ শয়ন পশু চিকিৎসক।

হোজাই জিলাৰ অন্তৰ্গত পূব লামডিং স্থিত ৰাজ্যিক পশু চিকিৎসালয়ৰ গো প্ৰজনন কেন্দ্ৰটো বৰ্তমান ড্ৰাগছ, মদ, জুৱা আদি আড্ডাত পৰিণত হৈ্ছে। নিজ মুখেৰেই স্বীকাৰ শয়ন গো প্ৰজনন কেন্দ্ৰটোৰ দায়িত্বত থকা চিকিৎসক কৃষ্ণ কমল কলিতাৰ। লামডিঙৰ ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণ কৰা এই কেন্দ্ৰটো বৰ্তমান এক প্ৰকাৰ ভূত বাংলাত পৰিণত হৈ্ছে। চিকিৎসক কৃষ্ণ কমল কলিতায়ে সম্পূৰ্ণ বিষয়ে হোজাই জিলা উপায়ুক্তক লিখিত অভিযোগ দিয়াৰ পিছতও আজিলৈকে কোনো ধৰনৰ চৰকাৰে সুব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে।

পশু চিকিৎসালয়ৰ কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰটোত নাই কোন বাউন্ডেৰী, নাই পানী , নাই পৰ্যাপ্ত পৰিমাণৰ ঔষধ , শৌচালয়ৰ নাই কোনো সুব্যৱস্থা। এনে দৰে বছৰ বছৰ ধৰি চলি আ্ছে লামডিংৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰটো। পশুপালকে বছৰ বছৰ ধৰি পশুধনক লৈ বহু সমস্যাত ভুগিব লগা হৈ্ছে। বাৰে বাৰে অভিযোগ দিয়াৰ পিছতও বিভাগয় কৰ্তৃপক্ষই কোন ধৰনৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande