
ধুবুৰী, ০৯ জানুৱাৰী (হি.স.): ধুবুৰীত ভূৱা চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। ধুবুৰী চহৰ পাচঁমোৰ স্থিত নিউ ৰয়েল মেডিকোচ নামৰ ফাৰ্মাচীৰ পৰা ভূৱা চিকিৎসকৰ সন্দেহত যোৱা কালি বৃহস্পতিবাৰে বিয়লি আটক কৰে ড° বি এন সিং নামৰ আয়ুৰ্বেদিক চিকিৎসক জনক ।
উল্লেখ যোগ্য যে - নিউ ৰয়েল মেডিকোচ নামৰ ফাৰ্মাচীৰ পৰা আদি কৰি ধুবুৰী চহৰৰ কেইবাটাও স্থানত বহি ৰোগী চোৱা চিতা কৰিছিল ড° বি এন সিং নামৰ আয়ুৰ্বেদিক চিকিৎসক গৰাকীয়ে। সম্প্ৰতি চিকিৎসক গৰাকীক ধুবুৰী থানালৈ নি অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ