
নগাঁও, ০৯ জানুৱাৰী (হি.স.)। ধিঙত পুনৰ সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা । ধিঙৰ লাঙ্গীয়াৰ মথাউৰিত আজি দিন-দুপৰতে সংঘটিত হয় এই ভয়ংকৰ মাৰপিটৰ ঘটনাটো । এজন গাড়ী চালকক দুই ভাতৃয়ে ৰাস্তাত পেলাই লৈ আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।
ধিঙৰ ২ নং কান্দুলীমাৰীৰ ছফৰ উদ্দিন নামৰ লোকজনে নিজৰ বাহনেৰে ডুমডুমীয়া বজাৰলৈ গৈ থকা অৱস্থাত লাঙ্গিয়াৰ মথাউৰি পথত হঠাৎ ধিঙৰ ৰৌমাৰীৰ দুই ভাতৃ ক্ৰমে ৰেকিব উদ্দিন আহমেদ আৰু ৰাজা আহম্মেদে হাতে হাতে লাখুটি আৰু চোকা অস্ত্ৰ লৈ গাড়ী ৰখাই ছফৰ উদ্দিনক আক্ৰমণ কৰাৰ লগতে নগদ ধন লুটি নিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।
ছফৰ উদ্দিনে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ চিঞৰ-বাখৰ কৰাত ওচৰৰে একাংশ লোক আগুৱাই অহা দেখি ঘটনাস্থলীৰ পৰা লগে লগে পলায়ন কৰে ৰেকিব উদ্দিন আৰু ৰাজা আহম্মেদে । ৰেকিব উদ্দিন আৰু ৰাজা আহম্মেদৰ আক্ৰমণত আহত হোৱা ছফৰ উদ্দিনক লগে লগে পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে ধিং হস্পিতালত লৈ যায় । ইফালে ছফৰ উদ্দিনে ৰেকিব উদ্দিন আৰু ৰাজা আহম্মেদৰ বিৰুদ্ধে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰু এই এজাহাৰৰ ভিত্তিত ধিং আৰক্ষীয়ে লগে লগে দুই ভাতৃক বিচাৰি আৰম্ভ কৰিছে অভিযান ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু