এক সমন্বয়ৰ বাৰ্তালৈ আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ চৰাইদেউ মহোৎসৱ
চৰাইদেউ, ০৯ জানুৱাৰী (হি.স.)। এক সমন্বয়ৰ বাৰ্তালৈ আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ চৰাইদেউ মহোৎসৱ।বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰৰ কাষতে আয়োজিত চৰাইদেউ মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি মূলদ্বাৰ উন্মোচন, পতাকা উত্তোলন,স্মৃতি তৰ্
এক সমন্বয়ৰ বাৰ্তালৈ আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ চৰাইদেউ মহোৎসৱ


চৰাইদেউ, ০৯ জানুৱাৰী (হি.স.)। এক সমন্বয়ৰ বাৰ্তালৈ আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ চৰাইদেউ মহোৎসৱ।বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰৰ কাষতে আয়োজিত চৰাইদেউ মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি মূলদ্বাৰ উন্মোচন, পতাকা উত্তোলন,স্মৃতি তৰ্পণ, বানফি পূজা, মৈদাম তৰ্পণ কৰাৰ পাছতে চাওলুং চুকাফাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হয়।

আয়োজিত মহোৎসৱৰ কাৰ্যসূচীত অসমৰ ভালেকেইজন মন্ত্ৰী বিধায়কে বিশেষ ভাবে অংশগ্ৰহণ কৰিব।বৰ্ণাধ্য কাৰ্যসূচীৰে তিনিদিনীয়াকৈ আৰম্ভ হৈছে চৰাইদেউ মহোৎসৱ।বিশ্বৰ প্ৰেক্ষাপটত চৰাইদেউক জিলিকাই তোলাৰ লক্ষ্যৰে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউ বাসী ৰাইজৰ সহযোগত আজিৰে পৰা আৰম্ভ হৈছে চৰাইদেউ মহোৎসৱ। সকলো জাতি,বৰ্ণ,ধৰ্ম নিৰ্বিশেষে সকলো দ'ল সংগঠন আৰু সংবাদ প্ৰতিষ্ঠান একত্ৰিত হৈ ২০১৫ চনৰ পৰা ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাৰ উদ্দেশ্য চৰাইদেউ মহোৎসৱ উদযাপন কৰি আহিছে। ইতিমধ্যে চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ হিচাপে ইউনেস্কো স্বীকৃতি পাবলৈ সক্ষম হ'ল।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande