ৰাজ্যত জুবিন গাৰ্গ বিহীন প্ৰথমটো হেঁপাহৰ ভোগালী
জুবিন গাৰ্গ বিহীন প্ৰথমটো ৰাজ্যত হেঁপাহৰ ভোগালী।
ৰাজ্যত জুবিন গাৰ্গ বিহীন প্ৰথমটো হেঁপাহৰ ভোগালী


শিৱসাগৰ, ০৯ জানুৱাৰী (হি.স.): সমাগত ভোগত উৎসৱ ভোগালী বিহু । প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন প্ৰথমটো ৰাজ্যত হেঁপাহৰ ভোগালী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিব ধৰিছে। ব্যতিক্ৰম নহয় নাজিৰাৰ শিমলুগুৰি চণ্টক বালি মিছিং গাওঁ। ভোগালী বিহুৰ লগত সংগতি ৰাখি দুদিনীয়াকৈ আয়োজন কৰিছে ভোগালী বিহু। লগতে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনতিপলমে ন্যায় বিচাৰে এইখন গাঁৱৰ ৰাইজে।

পথাৰত নৰা কাটি সাজি উলিয়াইছে ভেলাঘৰ, উপস্থাপন কৰা হৈছে গ্ৰামাঞ্চলৰ এটা সুন্দৰ পৰিৱেশ ৷ সময়ৰ সুঁতিত হেৰাই যোৱা ভঁৰাল, কৃষিৰ সৈতে সম্পৰ্ক বিভিন্ন সা- সজুঁলিৰ এক সুন্দৰ প্ৰতিচ্ছবি দাঙি ধৰা হৈছে এই ভেলাঘৰত ৷ গাঁওখনৰ জীয়ৰী-বোৱাৰী,ডেকা-বুঢ়া সকলো ব্যস্ত ভেলাঘৰ নিৰ্মাণ কৰি ভোগালী বিহু উদযাপন কৰিবলৈ, ব্যস্ত মেজি, ভেলাঘৰ সজাত। সমান্তৰাল ভাৱে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যেন আধৰুৱা হৈ পৰিছে এই ভোগালী। অনতিপলমে চৰকাৰক অধিক তীব্ৰতৰ ভাৱে জুবিন গাৰ্গৰ ন্যায়ৰ ব্যৱস্থা সম্পাদন কৰিবলৈ আহ্বান এইখন গাঁৱৰ ৰাইজৰ। উৰুকা নিশা গাঁওবাসীয়ে হাঁহে-কুমুৰাই এসাঁজ খাবলৈও সাজু হৈ উঠিছে নাজিৰাৰ শিমলুগুৰি চণ্টক বালি মিছিং গাঁও ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande