
শিৱসাগৰ, ০৯ জানুৱাৰী (হি.স.)। শিৱসাগৰৰ বগীদ'লত পুৱাই শোকাবহ পথ দুৰ্ঘটনা। পুৱা প্ৰায় ৭ মান বজাত সংঘটিত হই উক্ত শোকাবহ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় জমিৰউদ্দিন আলি নামৰ ৬৮ বছৰীয়া এজন লোকৰ। মেছাগড় বুঢ়াগোহাঁই গাওঁৰ নদীৰ পাৰৰ বাসিন্দা জমিৰউদ্দিনে বগীদ'লত থকা সাপ্তাহিক বজাৰলৈ তামোল বিক্ৰী কৰিবলৈ চাইকেল লৈ আহি থকা অৱস্থাত পথ পাৰ হব লওতে নাজিৰা দিশৰ পৰা অহা এখন ডাম্পাৰে মহতিয়াই নিয়ে।
ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে। ডাম্পাৰ খনৰ নম্বৰ এএছ ০৬ বিচি ১২২৬। আৰক্ষীয়ে ডাম্পাৰ খন জব্দ কৰিছে। বগীদ'ল পাঁচআলিত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনা। স্থানীয় ৰাইজে অঞ্চলটোত এটা ট্ৰেফিক পইন্ট স্থাপন কৰাৰ দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু