
মৰিগাঁও, ০৯ জানুৱাৰী (হি.স.)। পৰীক্ষা দিবলৈ আহি থকা অৱস্থাত উদণ্ড বাইক চালকৰ খুন্দাত দুগৰাকী ছাত্ৰী গুৰুতৰভাৱে আহত।
ক্ষন্তেক সময় আগতে মৈৰাবাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
মৈৰাবাৰী চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সন্মুখত সংঘটিত এই দুৰ্ঘটনাটোত প্ৰি-মেট্ৰিক পৰীক্ষা দিবলৈ আহি থকা দুগৰাকী ছাত্ৰীক এখন তীব্ৰবেগী বাইকে খুন্দিয়াই দিয়ে। ফলত দুয়োগৰাকী ছাত্ৰী গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাত জড়িত বাইকখনৰ নম্বৰ এ এছ ০২ এ কে ১৩৪০ ।
আহত ছাত্ৰী দুগৰাকীক তৎক্ষণাৎ মৈৰাবাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু বৰ্তমান চিকিৎসকে দুয়োৰে চিকিৎসা অব্যাহত ৰাখিছে।
ইফালে, ঘটনাৰ খবৰ পোৱাৰ পিছতেই চিকিৎসালয় চৌহদত স্কুলখনৰ ছাত্ৰ-ছাত্ৰীসকল একত্ৰিত হৈ উদণ্ড বাইক চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। ঘটনাটোক লৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। ছাত্ৰ-ছাত্ৰীসকলে এনে দায়িত্বহীন উদণ্ড চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায়।
ঘটনাটোক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে,কিয়নো অঞ্চলটোত একাংশ উদণ্ড বাইক চালকে বিভিন্ন সময়ত দুৰ্ঘটনা সংঘঠিত কৰি অহাৰ ফলত পথচাৰী সকলৰ নিদ্ৰা হৰণ কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু