বৰপেটাত ৭দিনে বন্ধ ভাৰতীয় ষ্টেট বেংকৰ এটিএম
বৰপেটাত ৭দিনে বন্ধ হৈ আছে ভাৰতীয় ষ্টেট বেংকৰ এ টি এম।
বৰপেটাত ৭দিনে বন্ধ ভাৰতীয় ষ্টেট বেংকৰ এটিএম


বৰপেটা, ০৯ জানুৱাৰী (হি.স.): বৰপেটাত ৭দিনে বন্ধ হৈ আছে ভাৰতীয় ষ্টেট বেংকৰ এ টি এম।জিলাখনৰ বিভিন্ন স্থানত থকা প্ৰায় ৪৫ টা এ টি এম বন্ধ হৈ পৰিছে। ফলত হাহাকাৰ লাগিছে সাধাৰণ লোকৰ মাজত।

জৰুলীকালীন সময়তো এ টি এমৰ অভাৱত ধন উলিয়াব নোৱাৰি আহুকালৰ সন্মুখীন হৈছে সাধাৰণ জনতা । নগদ ধন উলিয়াব নোৱাৰি ঘোৰ বিপদত পৰিছে সাধাৰণ জনতা। এই ক্ষেত্ৰত এছ বি আইৰ বৰপেটা শাখাৰ নাই কোনো ধৰণৰ গুৰুত্ব। এ টি এম সমূহত কেবল মাত্ৰ জাননি এখন ওলমাই ৰাখিয়ে দায়িত্ব সামৰিছে এছ বি আই কৰ্তৃপক্ষই।

ইপিনে দূৰ দূৰণিৰ পৰা বেংকলৈ গৈ ঘন্টাৰ পৰা ঘন্টালৈকে শাৰিপাতি অৱশেষত টকা উলিয়াব নোৱাৰি ঘৰলৈ উভতিব লগীয়া হৈছে সাধাৰণ জনতাই। মাঘ বিহু বুলি নিজৰ সাঁচতীয়া ধনৰাশিও উলিয়াব পৰা নাই বহু লোকে। অতি শীঘ্ৰেই বৰপেটা জিলাৰ এ টি এমসমূহ সূচল কৰি মুকলি কৰাৰ দিয়াৰ দাবী জনাইছে ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande