বকলীয়াঘাটত ভোগালী বিহুৰ প্ৰস্তুতি তুঙ্গত
কাৰ্বি আংলং, ০৮ জানুৱাৰী (হি.স.)। বকলীয়াঘাটত ভোগালী বিহুৰ প্ৰস্তুতি তুঙ্গত ৷ নঙলা মুখত হেপাহৰ ভোগালী বিহু ৷ বকলীয়াঘাটত ভোগালী বিহুক আদৰিবলৈ সাজু হৈছে প্ৰতি ঘৰ অসমীয়া । একাংশ যদি পথাৰত নৰা কাটি ভেলাঘৰ মেজি নিৰ্মাণত ব্য়স্ত আন একাংশ আকৌ দিনে নিশাই গ
বকলীয়াঘাটত ভোগালী বিহুৰ প্ৰস্তুতি তুঙ্গত


কাৰ্বি আংলং, ০৮ জানুৱাৰী (হি.স.)। বকলীয়াঘাটত ভোগালী বিহুৰ প্ৰস্তুতি তুঙ্গত ৷ নঙলা মুখত হেপাহৰ ভোগালী বিহু ৷ বকলীয়াঘাটত ভোগালী বিহুক আদৰিবলৈ সাজু হৈছে প্ৰতি ঘৰ অসমীয়া । একাংশ যদি পথাৰত নৰা কাটি ভেলাঘৰ মেজি নিৰ্মাণত ব্য়স্ত আন একাংশ আকৌ দিনে নিশাই গাঁও সমুহত ঢেকীত কঁপনি তুলিছে জিয়ৰী বোৱাৰীহঁতে ৷ ঢেকীত চিৰা, সান্দহ ,পিঠা গুৰি খুন্দাৰ লগতে পিঠা পনা বনোৱাত ব্যস্ত গাঁৱৰ জীয়ৰী বোৱাৰীৰ লগতে ৮০ উৰ্ধৰ আইতাও ।

একে পৰিবেশ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ হগলাকটা গাঁৱৰ। বিহু গীত গাই আনন্দ উল্লাসেৰে ঢেঁকীত চিৰা, জলপান খুন্দি পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে গাওৰ জিয়ৰী বোৱাৰী সকল ৷বিহুৰ খাদ্য সামগ্ৰী সমূহ একাংশই যদি নিজ ঘৰৰ বাবে প্ৰস্তুত কৰিছে আন একাংশই আৰু বিহু উপলক্ষে খাদ্য সামগ্ৰী সমূহ বজাৰত বিক্ৰী কৰি দুপইচা উপৰ্জন কৰাৰ বাবে প্ৰস্তুত কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande