
বাক্সা, ০৮ জানুৱাৰী (হি.স.)।বাক্সাৰ ৰাজাবিল - কাটাঝাৰৰ ম'হৰ বাথান সমূহত ভোগালী বিহু উপলক্ষে বাঁহৰ চুঙাত দৈ প্ৰস্তুত কৰাত ব্যস্ত গোৱাল সকল। ম'হৰ বাথানৰ গাখীৰ বিক্ৰী কৰিয়েই পৰিয়াল পৰিচালনা কৰি আহিছে কৃষ্ণ, বুবালী, দিলীপ, কলা বসুমতাৰী নামৰ গোৱাল সকল।
ভোগালী বিহুলৈ মাজতে আৰু কেইটামান দিন বাকী থকাৰ সময়তেই বাক্সা জিলাৰ ৰাজাবিল - কাটাঝাৰৰ ম'হৰ বাথান সমূহত ব্যস্ত হৈ পৰিছে ভোগালী বিহুৰ বাঁহৰ চুঙাৰ দৈ প্ৰস্তুত কৰাত। এই ম'হৰ বাথানৰ গাখীৰ বিক্ৰী কৰিয়েই নিজৰ নিজৰ পৰিয়াল অতি সুন্দৰভাবে পৰিচালনা কৰি আহিছে কৃষ্ণ ৰামচিয়াৰী, বুবালী ৰামচিয়াৰী , দিলীপ দৈমাৰী আৰু কলা বসুমতাৰীয়ে।
বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা বড়ো জনগোষ্ঠী অধ্যূষিত এখন গাঁৱ। গাঁৱখনৰ নাম ৰাজাবিল - কাটাঝাৰ। গাঁৱখনত চাৰিখনকৈ ম'হৰ বাথান প্ৰতিষ্ঠা কৰি নিজৰ নিজৰ পৰিয়াল সমূহ অতি সুন্দৰকৈ পৰিচালনা কৰি আহিবলৈ সক্ষম হৈছে বাথান কৰ্তৃপক্ষই। অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুৰ আগমনৰ লগে লগে ম'হৰ বাথান সমূহত ব্যস্ত হৈ পৰিছে চুঙাৰ দৈ প্ৰস্তত কৰাত। ৰাজাবিলৰ কৃষ্ণ ৰামচিয়াৰীয়ে ৭ টাকৈ খিৰতী ম'হকে ধৰি ১০ টা মাইকী ম'হ আৰু ১০ টাকৈ পোৱালিকে ধৰি মুঠ ২০ টা ম'হ প্ৰতি পালন কৰি গাখীৰ উৎপাদন কৰি বিক্ৰী কৰি পোৱা ধনেৰে নিজৰ পৰিয়ালটো সুন্দৰভাবে পৰিচালনা কৰি আহিবলৈ সক্ষম হৈছে।
বিগত প্ৰায় ২৫ বছৰ ধৰি ম'হৰ বাথান খন অতি সফলতাৰে পৰিচালনা কৰি আহিছে কৃষ্ণ ৰামচিয়াৰীয়ে। এক লিটাৰ ম'হৰ গাখীৰত ৮০/- টকা কৈ আৰু এক কিলো গ্ৰাম চুঙাৰ দৈ ২০০/- টকাকৈ বিক্ৰী কৰি লাভবান হ'বলৈ সক্ষম হৈ আহিছে। গাখীৰ খিৰাই দিনৰ ভাগত ম'হ বোৰ জংঘলত এৰি দিয়ে আৰু সন্ধিয়া বাথানলৈ ওভতাই আনে। একেদৰে বুবালী ৰামচিয়াৰী গৰুৰ বাথান,ৰাজাবিলৰ দিলীপ দৈমাৰীয়ে ১০ টা মাইকী ম'হ আৰু ৩ টা পোৱালি আৰু গাতি গাঁৱৰ কলা বসুমতাৰীয়ে ৯ টা খিৰতী ম'হেৰে বাথান পৰিচালনা কৰি নিজৰ নিজৰ পৰিয়ালটো পৰিচালনা কৰি আহিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা