১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীৰ আন্দোলনলৈ চিপিআই (এমএল) ৰ পূর্ণ সমর্থন
যোৰহাট,০৮ জানুৱাৰী (হি.স.)। ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীৰ আন্দোলনলৈ চিপিআই (এমএল) ৰ পূর্ণ সমর্থন l ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীৰ ধাৰাবাহিক আন্দোলনলৈ পূর্ণ সমর্থন আগবঢ়াইছে চিপিআই (এমএল) ৰ যোৰহাট জিলা সমিতিয়ে। আজি দলৰ শতাধিক কৰ্মীয়ে মেলেং চাৰিআলি ৩৭ নং ৰা
১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীৰ আন্দোলনলৈ CPIML ৰ পূর্ণ সমর্থন l


যোৰহাট,০৮ জানুৱাৰী (হি.স.)। ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীৰ আন্দোলনলৈ চিপিআই (এমএল) ৰ পূর্ণ সমর্থন l ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীৰ ধাৰাবাহিক আন্দোলনলৈ পূর্ণ সমর্থন আগবঢ়াইছে চিপিআই (এমএল) ৰ যোৰহাট জিলা সমিতিয়ে। আজি দলৰ শতাধিক কৰ্মীয়ে মেলেং চাৰিআলি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত সমবেত হৈ ১০৮ ক মৃত্যু মুখলৈ ঠেলি দিয়া বিজেপি চৰকাৰ হায় হায়,১০৮ কৰ্মচাৰীৰ ন্যাৰ্য দাবী মানি লওক, থলুৱা যুৱকক ভাতে মৰাৰ ষড়যন্ত্র কৰা বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে।

তেওঁলোকে কয় যে অসমত আন্দোলন শেষ বুলি সততে ঘোষণা কৰি থকা ড০হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ জন বিৰোধী, শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে আজি সকলো অংশৰ লোকে আন্দোলন কৰিব লগাত পৰিছে। ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সকলো আজি নিজৰ প্ৰাপ্য বিচাৰি আন্দোলনৰত। এই আন্দোলনৰ প্ৰতি চৰকাৰে সহানুভূতিশীল দৃষ্টি দিয়াৰ সলনি স্বাস্থ্য মন্ত্রী অশোক সিংহালে নতুনকৈ কৰ্মচাৰী নিযুক্তি দিম বুলি যি মন্তব্য কৰিছে আমি তাক তীব্র ভাষাৰে গৰিহণা দিছো।

লগতে ষ্টেট ইমাৰজেঞ্চি চাৰ্ভিচ প্ৰভাইডাৰ হিচাপে অতি দক্ষ ৩০০০ ৰো অধিক মৃত্যুঞ্জয় কৰ্মচাৰীক ২০০৮ চনৰে পৰা তেওঁলোকৰ আইনি অধিকাৰৰ পৰা বঞ্চিত কৰি অহা হৈছে । পিএফ, গ্ৰেচুইটি, নূন্যতম মজুৰী তেওঁলোকক প্ৰদান কৰা নহয়। ইমাৰজেঞ্চি চাৰ্ভিচ ক ব্যক্তিগত খণ্ডৰ কোম্পানী জিভিকে ইএমআৰআই অধীন কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই সকল অসমীয়া থলুৱা কৰ্মচাৰীক শোষন কৰিবলৈহে মুকলি অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰি জিভিকে য়ে যিদৰে এই সকল কৰ্মচাৰীক বছৰি বছৰি শোষণ কৰি আহিছে সেই শোষণ বন্ধ কৰি এই খণ্ডটো চৰকাৰৰ অধীনলৈ নি কৰ্মচাৰী সকলক চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা দিয়াৰ দাবী জনায় অন্যথা তীব্র আন্দোলন গঢ়ি তোলা হ'ব বুলি চৰকাৰক সকিয়াই দিছে সংগঠনটোৱে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande