
নগাঁও, ০৭ জানুৱাৰী (হি.স.): নগাঁও জিলাৰ কলিয়াবৰত যোৱা কালি মঙ্গলবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা। নিশা বনৰীয়া হাতীয়ে খেদিলে ই-ৰিস্কা বাহন।
হাতী লৈ খেদাৰ ফলত বাহনৰ পৰা যাত্ৰী নামি দৌৰি কোনো মতে পলায়ণ কৰিবলৈ সক্ষম হয়। কথমপি প্ৰাণ ৰক্ষা পৰে চালক তথা যাত্ৰীসকলৰ।কলিয়াবৰৰ সোনাৰীগাঁৱত সংঘটিত হৈছে ঘটনাটো।
ইয়াৰ পাছতেই এঘৰৰ লোহাৰ গেট খুলি সোমাই ভড়াল ধান খালে বন্যহস্তীয়ে। দুদিনপূৰ্বে হেমকান্ত হাজৰিকা নামৰ লোকজনৰ একেইখন ঘৰতে গৃহত প্ৰৱেশ কৰিছিল বন্যহস্তীয়ে। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হয় পৰিস্থিতিৰ বুজ লয়। উল্লেখ্য যে শিলঘাট-কামাখ্যা সংৰক্ষিত পাহাৰ বনাঞ্চলৰ পৰা অহা হাতীয়ে দৈনিক জনাঞ্চলত সৃষ্টি কৰি আহিছে ত্ৰাস।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ