কোকৰাঝাৰ চৰকাৰী উচ্চতৰ আৰু বহুমুখী বিদ্যালয় খেলপথাৰত আৰম্ভ বাগুৰুম্বা নৃত্যৰ আখৰা
কোকৰাঝাৰ, ০৮ জানুৱাৰী (হি.স.)।বিহু আৰু ঝুমুৰৰ পিছত বিশ্ব অভিলেখ গঢ়াৰ দিশে বড়ো জনগোষ্ঠীৰ লোক নৃত্য বাগুৰুম্বা ৷ অহা ১৭ জানুৱাৰীত গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামত ১০ হেজাৰ বড়ো ছিখলাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত পৰিৱেশন কৰিব বাগুৰুম্বা নৃ
কোকৰাঝাৰ চৰকাৰী উচ্চতৰ আৰু বহুমুখী বিদ্যালয় খেলপথাৰত আৰম্ভ বাগুৰুম্বা নৃত্যৰ আখৰা


কোকৰাঝাৰ, ০৮ জানুৱাৰী (হি.স.)।বিহু আৰু ঝুমুৰৰ পিছত বিশ্ব অভিলেখ গঢ়াৰ দিশে বড়ো জনগোষ্ঠীৰ লোক নৃত্য বাগুৰুম্বা ৷ অহা ১৭ জানুৱাৰীত গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামত ১০ হেজাৰ বড়ো ছিখলাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত পৰিৱেশন কৰিব বাগুৰুম্বা নৃত্য ৷ যাৰ বাবে ৰাজ্যৰ আন জিলা সমূহৰ লগতে বিটিচিৰ সদৰ কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তত চলিছে বাগুৰুম্বা নৃত্যৰ জোৰদাৰ আখৰা ৷ ইয়াৰে অংশস্বৰূপে বৃহস্পতিবাৰে কোকৰাঝাৰ চৰকাৰী উচ্চতৰ আৰু বহুমুখী বিদ্যালয় খেল পথাৰত আৰম্ভ হৈছে বাগুৰুম্বা নৃত্যৰ আখৰা ৷

আনহাতে ১৭ জানুৱাৰীত পৰিৱেশিত হবলগীয়া বাগুৰুম্বা নৃত্যৰ বাবে আখৰাত অংশ গ্ৰহণ কৰি নৃত্য পৰিৱেশনৰ বাবে সাজু হৈছে বিটিচি, অসমৰ উপৰিও চুবুৰীয়া ৰাজ্য পশ্চিম বংগ আৰু সুদূৰ নেপালৰ পৰা অহা বড়ো ছিখলাৰ দল ৷ উল্লেখ্য যে নেপালৰ ১৯ গৰাকী আৰু পশ্চিম বংগৰ ৪৬ গৰাকী বড়ো ছিখলাই অংশগ্ৰহণ কৰিছে বাগুৰুম্বা নৃত্যৰ আখৰাত ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande