নাৰ্চাৰীৰ জৰিয়তে স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন খুমটাইৰ শাওঁতলী নতুন মাটিৰ উদ্যমী যুৱকৰ
খুমটাইৰ শাওঁতলী নতুন মাটিৰ এজন উদ্যমী যুৱকে ।
নাৰ্চাৰীৰ জৰিয়তে স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন খুমটাইৰ শাওঁতলী নতুন মাটিৰ উদ্যমী যুৱকৰ


ডিব্ৰুগড়, ০৭ জানুৱাৰী (হি.স.):এটা চৰকাৰী চাকৰিয়েই যে মানুহৰ জীৱিকাৰ একমাত্ৰ পথ নহয় তাক প্ৰতিয়মান কৰি দেখুৱাইছে খুমটাইৰ শাওঁতলী নতুন মাটিৰ এজন উদ্যমী যুৱকে । নাৰ্চাৰীৰ জৰিয়তে স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে শাওঁতলী নতুন মাটি নিবাসী মোবাৰক আলি নামৰ উদ্যমী যুৱকজনে ।

উল্লেখ্য যে ২০২১ চনৰ লক ডাউনৰ পৰাই নিজৰ তথা তেওঁৰ এগৰাকী বন্ধুৰ প্ৰচেষ্টাত নিজৰ বাৰীত প্ৰায় ডেৰ বিঘা মাটিত স্থাপন কৰিলে এখন নাৰ্ছাৰী । য'ত নাৰ্চাৰীখনৰ বিভিন্ন প্ৰজাতিৰ ফল-মূল, ফুল, মূল্যৱান উদ্ভিদ, কেইবাবিধো অৰ্কিড, বিলুপ্ত প্ৰায় উদ্ভিদ তেওঁ সংৰক্ষণ কৰিছে ।

নিজৰ পৰিশ্ৰমেৰে বন্ধুৰ সৈতে স্থাপন কৰা নাৰ্ছাৰীখনত তেওঁ ইতিমধ্যে কেইবাগৰাকীও ব্যক্তিক উপাৰ্জনৰ পথ প্ৰদান কৰিছে । বাণিজ্য শাখাৰ স্নাতক হোৱাৰ লগতে আইনৰ শিক্ষাৰে শিক্ষিত মোবাৰক আলি এতিয়া শিক্ষিত যুৱক-যুৱতীসকলৰ বাবে আদৰ্শ হৈ পৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande