তেজপুৰৰ দোলাবাৰী দৈনিক বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান
শোণিতপুৰ, ০৮ জানুৱাৰী (হি.স.)। তেজপুৰৰ দোলাবাৰী দৈনিক বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান৷ বজাৰ খনৰ প্ৰায় শতাধিক গৃহত চলিল জেচিবি৷ বহু লোকে পথৰ দাতিত অবৈধ ভাৱে নিৰ্মাণ কৰিছিল ব্যৱসায়িক প্ৰতিষ্ঠান৷ কুতুব উদ্দিন নামৰ মহলদাৰ জনৰ লগতে একাংশ স্থানীয় লোকে দখল ক
তেজপুৰৰ দোলাবাৰী দৈনিক বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান


শোণিতপুৰ, ০৮ জানুৱাৰী (হি.স.)। তেজপুৰৰ দোলাবাৰী দৈনিক বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান৷ বজাৰ খনৰ প্ৰায় শতাধিক গৃহত চলিল জেচিবি৷ বহু লোকে পথৰ দাতিত অবৈধ ভাৱে নিৰ্মাণ কৰিছিল ব্যৱসায়িক প্ৰতিষ্ঠান৷ কুতুব উদ্দিন নামৰ মহলদাৰ জনৰ লগতে একাংশ স্থানীয় লোকে দখল কৰি নিৰ্মান কৰিছিল পকী বেৰ , ঘৰ দোকান ইত্যাদি৷

পথৰ দাতিত অবৈধ ভাবে পকী ঘৰ,দোকান আদি নিৰ্মাণ কৰাৰ ফলত অঞ্চলটোত সততে তীব্ৰ যান যতৰ সৃষ্টি হয় ।যান যতৰ লগতে সংঘটিত হই সৰু সুৰা পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনা ফলত ইতিমধ্য়ে কেইবা জনো লোক আহত হব লগা হৈছে।

শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসৰ নেতৃত্বত শোণিতপুৰ প্ৰশাসনৰ চলিছে এই উচ্ছেদ৷ ইতিমধ্যে উচ্ছেদ অভিযান সুকলমে সমাপ্ত হৈছে বুলি শোণিতপুৰ জিলা প্ৰশাসনে জানিব দিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande