

গুৱাহাটী, ০৬ জানুৱাৰী (হি.স.)। সোণাপুৰৰ জুবিন ক্ষেত্ৰত উন্মোচন কৰা হ'ল ত্ৰিমাসিক বাৰ্তালোচনী দৰং ক্ৰীড়া বাৰ্তা। গ্ৰামাঞ্চলৰ ক্ৰীড়া প্ৰতিভাক আগবঢ়াই নিয়াৰ উদ্দেশ্যে ২০২২ চনৰ পৰা প্ৰকাশিত এই ক্ৰীড়াবিশেষ বাৰ্তালোচনী খনৰ এইবেলিৰ সংখ্যা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হৈছে।
জুবিন ক্ষেত্ৰত নিঃস্বাৰ্থ ভাৱে সেৱা আগবঢ়োৱা ৰহাৰ প্ৰশান্ত বৰদলৈৰ হাতেৰেই এই বিশেষ সংখ্যাটো উন্মোচন কৰা হয়। উপস্থিত কেইবা গৰাকীও জুবিন অনুৰাগীয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি উদ্যোক্তা সকলৰ এই প্ৰয়াসক প্ৰশংসা কৰে। উল্লেখ্য যে এম মুবাৰক হুছেইনৰ সম্পাদনাত মঙলদৈৰ পৰা প্ৰকাশিত এই ক্ৰীড়া বাৰ্তালোচনী খনে পঢ়ুৱৈৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।
হিন্দুস্থান সমাচাৰ / Narayan Kar