



–তেজপুৰৰঐতিহাসিক চাৰ্চফিল্ডত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দুকুৰি অনুষ্ঠানৰ প্ৰতিনিধিৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন –হজৰাপাৰ ৰাজহুৱা শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মাৰ হৈ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ ফুলৰ টোৰাৰে শেষ শ্ৰদ্ধা জ্ঞাপন –জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ নেতৃত্বত শোণিতপুৰ আৰক্ষীৰ সন্মান প্ৰদৰ্শন
শোণিতপুৰ, ০৭ জানুৱাৰী (হি.স.)। তেজপুৰৰ ঐতিহাসিক চাৰ্চফিল্ডত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু হজৰাপাৰ ৰাজহুৱা শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হোৱাৰ লগে লগে আজি পঞ্চভূতত বিলীন হৈ পৰিল তেজপুৰৰ গৌৰৱ,আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী তথা বিশ্ববন্দিত বৰেণ্যশিল্পী নলিনী বৰুৱাৰ নশ্বৰদেহ। উল্লেখ্য যে বাৰ্ধক্য জনিত ৰোগত যোৱা কালি মঙলবাৰে নিশা তেজপুৰৰ বাৰহলীয়াৰ নিজবাস গৃহতে ৯৫বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটা তেজপুৰৰ সমাজজীৱনৰ অগ্ৰনী শিল্পীগৰাকীৰ নশ্বৰদেহ আজি পুৱা এখন পুষ্পসজ্জিত বাহনত গায়ন-বায়নৰ খোল-তাল পৰিৱেশনেৰে তেজপুৰ চহৰেৰে শ্ৰদ্ধাঞ্জলি যাত্ৰা কৰি নিয়াৰ পিছত চাৰ্ছফিল্ডত তেজপুৰৰ প্ৰায় দুকুৰি সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ বিষয়ববীয়াৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা নশ্বৰদেহত পুষ্পাঞ্জলি অৰ্পনৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে পুৰোধা শিল্পীগৰাকীক।
বাণ থিয়েটাৰৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই পুষ্পাঞ্জলি অৰ্পনৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছতেই জিলা প্ৰশাসনৰ তৰফৰ পৰা অতিৰিক্ত জিলা আয়ুক্ত জেমচ আইন্দ,সহকাৰী আয়ুক্ত ৰথিচবৰা, ৰাজেন আচাৰ্য,তৰুণ অসম সংঘৰ তৰফৰ পৰা বিষয়ববীয়া,বাণ থিয়েটাৰৰ বিষয়ববীয়া, তেজপুৰ সাহিত্য সভাৰ বিষয়ববীয়া অসম সাহিত্য সভাৰ পতাকাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় বিষয়ববীয়াও সন্মিলনৰ পতাকাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ উপৰি অসম চৰকাৰৰ এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, জ্যেষ্ঠ সাংবাদিক অতনু ভূঞা, জয়ন্ত ডেকা, মনোজ বৰা, বাৰ্লিন কুমাৰ শইকীয়া, ফটো জ্যেষ্ঠ সাংবাদিক সমীৰ কৰ, প্ৰণব কুমাৰ দাস,পুলক কুমাৰ ডেকা,সংগীতা দেৱী,অৰ্নব কুমাৰ নাথ, হেমন্ত কুমাৰ নাথ, তেজপুৰ জিলা ক্ৰীড়া সন্থা,অসমীয়া ক্লাব, সাংস্কৃতিক অনুষ্ঠান চাতক, তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ সভাপতি, সম্পাদক, শোণিতপুৰ জ্যেষ্ঠ নাগৰিক সংস্থাৰ বিষয়ববীয়া,মহাভৈৰৱ মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া, গহন উদ্যান সমিতিৰ বিষয়ববীয়া,অসম নাট্য সন্মিলনৰ শোণিতপুৰ জিলা সমিতি, তেজপুৰ শাখা নাট্য সন্মিলনৰ বিষয়ববীয়া, শোণিতপুৰ জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া অংকিতাগগৈ, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ বিষয়ববীয়া,জাফাৰ শোণিতপুৰ জিলা সমিতিৰ বিষয়ববীয়া, তেজপুৰ একাডেমীৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থা,দৰং মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাৰ তৰফৰপৰা,বিশিষ্ট উদ্যোগপতি হেমন্ত লহকৰ,অসম গণ পৰিষদ দলৰ উপ সভাপতি অপূৰ্ব ভট্টাচাৰ্য,অগপৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি ৰাতুল নাথ,তেজপুৰ জনসাংস্কৃতিক পৰিষদ,তেজপুৰ বেংগলী, শোণিতপুৰ জিলা যোগসন্থা, উত্তৰ আঞ্চলিক যুৱ-শিশু বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা,কামৰূপীয় সনাতন ধৰ্ম, সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠানৰ তৰফৰপৰা, ৰেডক্ৰছ চচাইটিৰ শোণিতপুৰ জিলা শাখা,গণ নাট্য সংঘৰ তৰফৰ পৰা, শোণিতপুৰ জিলা সাংবাদিকসন্থাৰ বিষয়ববীয়া, বিশিষ্ট সাংস্কৃতিক কৰ্মী, শোণিতপুৰ শিল্পী সমাজ,তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাকে ধৰি প্ৰায় দুকুৰি অনুষ্ঠানৰ বিষয়ববীয়া আদিয়ে নশ্বৰদেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
আনহাতে ইয়াৰ পিছতেই বৰেণ্য শিল্পীগৰাকীৰ নশ্বৰদেহ হজৰাপাৰ ৰাজহুৱা শ্মশানলৈ কঢ়িয়াই নিয়াৰ পিছত অসম চৰকাৰৰ তৎপৰতাত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয়।
জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নেতৃত্বত আৰক্ষীৰ এটি দলে গাৰ্ড অব অনাৰ প্ৰদৰ্শন কৰি আৰক্ষীৰ বেণ্ডবাদনৰ পিছত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদা প্ৰদান কৰাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীৰ হৈ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে ফুলৰটোৰাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থইও সম্পূৰ্ণ অসম আৰক্ষীৰ মৰ্যাদাৰে ফুলৰ টোৰাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
অসমৰ জাতীয় জীৱনৰ প্ৰাত:স্মৰণীয় পুৰোধা শিল্পীগৰাকীৰ দেহাৱসানত সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি, তেজপুৰ নাগৰিক সমাজৰ আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
উল্লেখ্য যে আলোক ৰত্নউপাধিৰে বিভূষিত বৰেণ্য শিল্পী গৰাকীয়ে সাত বছৰ বয়সৰ পৰা হাতত কেমেৰালৈ আমৃত্যু পৰ্যন্ত ছাঁ পোহৰৰ পম খেদি ফুৰিছিল। পলচন কোম্পানীয়ে উপহাৰ দিয়া ব্ৰাউনি কডাক কেমেৰাৰ পৰা আজি শতাধিক কেমেৰা হাতত লৈ আলোকৰত্ন সন্মানেৰে সন্মানিত তেওঁ আছিল অসম আৰু অসমীয়াৰ গৌৰৱ আৰু দেশৰো গৌৰৱ। ১৯৫৭ চনত তেজপুৰত গঢ়িতোলা ফটোচাৰ্ভিচৰ পৰা আৰম্ভ কৰি ১৯৬০ চনৰ ভাষা আন্দোলন, ১৯৭২ চনৰ মাধ্যম আন্দোলন,খাদ্য আন্দোলন আৰু ১৯৭৯ চনৰ অসম আন্দোলনকে ধৰি সকলো সময়ৰে কথা কোৱা তেওঁৰ কেমেৰা যেনেকৈ এক বিপ্লৱৰ পৰিচয় হৈ পৰিছিল একেদৰে তেওঁৰ সত্বাও আছিল এক সংগ্ৰামী সত্ত্বা। তেজপুৰৰ হেম বৰুৱা স্মৃতিভৱনত আয়োজিত ১৯৬৮ চনৰ প্ৰথমখন আলোকচিত্ৰ প্ৰদৰ্শণীৰ পৰা তেওঁ কিমান যে ৰাষ্ট্ৰীয়, আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত আলোকচিত্ৰৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰিলে তাৰ লেখজোখ নাই।
ফটোগ্ৰাফিক চচাইটি অৱ আমেৰিকাৰ জাৰ্নেল এৱাৰ্ড, ইন্টাৰনেচনেল কালাৰ্ড শ্লাইড একজিবিচন, ইটালীৰ ক্লাৱ এৱাৰ্ড আদি বিৰল সন্মানেৰে সন্মানিত তেওঁ ভাৰতৰ জাহাঙ্গীৰ আৰ্টগেলাৰীৰ পৰা আৰম্ভ কৰি কলকাতাৰ ললিতকলা একাডেমী আদি অলেখ কলাবিথিকাত তেওঁৰ স্বাক্ষৰ পৰিস্ফূত। ব্ৰুনচুইক, নিউজাৰ্চি, ৱাচিংটন, লণ্ডন,ইটালি আদিত আলোক চিত্ৰৰে পৰিচিত হোৱা তেওঁ ইটালিৰ FIAP সন্মানৰ উপৰিও ইণ্ডিয়া ইন্টাৰ নেচনেল ফটোগ্ৰাফি কাউঞ্চিলৰ দ্বাৰাও সন্মানিত হৈছিল। প্ৰায় ৬২ খন আন্তঃৰাষ্ট্ৰীয়ভাৱে প্ৰশংসিত আলোকচিত্ৰ আৰু এশৰো অধিক নানান কেমেৰাৰে তেওঁৰ ফটোগ্ৰাফী জীৱনটো এক বৰ্ণিল আৰু স্বৰ্ণিল অভিজ্ঞতাৰে সমৃদ্ধ। জীৱনৰ শেষৰ ৯৫ বছৰ বয়সলৈকে যতি পৰা নাছিল তেওঁৰ হাতৰ কেমেৰাৰ ক্লিকক্লিক শব্দ। ১৯৩১ চনৰ ২২ এপ্ৰিলত তেজপুৰৰ নিকটৱৰ্তী দুৰুং চাহবাগিছাত জন্মগ্ৰহণ কৰা নলিনী বৰুৱাৰ পিতৃ আছিল উত্তৰ গুৱাহাটীৰ প্ৰখ্যাত সংস্কৃত পণ্ডিত,অসমৰ প্ৰথমগৰাকী গ্ৰেজুৱেট, অসমৰ প্ৰথম প্ৰশাসনিক বিষয়া আনন্দ ৰাম বৰুৱাৰ ভতিজাক,তেজপুৰৰ দুৰুং চাহ বাগিছাৰ চিকিৎসক কমলাকান্ত বৰুৱা আৰু মাতৃ ঘৃতমালা বৰুৱা আছিল তেজপুৰৰ মোৱামাৰী অঞ্চলৰ বিখ্যাত নেওগ পৰিয়ালৰ জীয়ৰী।
উল্লেখ্য তেজপুৰ ফটো চাৰ্ভিছৰ পূৰ্বেই ১৯৫০ চনত জখলাবন্ধাত এটা ফটো ষ্টুডিঅ খুলি শিল্পী নলিনী বৰুৱাই জীৱন-জীৱিকাৰ পথ বাচি লৈছিল যদিও জখলাবন্ধাত সেই ব্যৱসায় বন্ধ কৰি ১৯৫৭ চনত তেজপুৰত ফটো চাৰ্ভিছনামৰ ষ্টুডিঅ আৰম্ভ কৰি মৃত্যুৰ সময়লৈকে সেই ব্যৱসায়ৰ সৈতে জড়িত হোৱাৰ পিছতো ফটোগ্ৰাফীক একশিল্পলৈ পৰ্যৱসিত কৰি সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তেজপুৰৰ পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আলোক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰি পৰৱৰ্তী সময়ত ১৯৭৬ চনত দিল্লীত, তাৰপিছত কলকতা, মুম্বাই আদিত আলোক চিত্ৰপ্ৰদৰ্শনী অনুষ্ঠিত কৰি কলা ৰসিকসকলৰ সমাদৰ লাভ কৰাৰ পিছত ১৯৭৭ চনত তেওঁ আমেৰিকাৰ ফটোগ্ৰাফী চচাইটিৰ পৰা জাৰ্ণেল এৱাৰ্ড লাভ কৰে। ১৯৮৩ চনত ইটালীত আৰু ১৯৯৩ চনত আমেৰিকাৰ তিনি ভিন্ন ঠাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় আলোকচিত্ৰ প্ৰদৰ্শনীত নলিনী বৰুৱাই বিশ্বৰ কলা ৰসিকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ২০০১ চনত লণ্ডনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় আলোকচিত্ৰ প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা আন ৱান্টেড বেবী শীৰ্ষক আলোক চিত্ৰৰ বাবে ব্ৰঞ্জৰ পদক অৰ্জন কৰিব সক্ষম হৈছিল। আনহাতে ইটালীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কালাৰ শ্লাইড প্ৰদৰ্শনীতো বৰুৱাই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে পেং অব বাৰ্থ শীৰ্ষক আলোক চিত্ৰৰ বাবে ইটালীৰ এছ'চিয়েশ্যন কালচাৰেল চাৰ্কোলৰ তৰফৰ পৰা স্বৰ্ণপদক অৰ্জন কৰিছিল। ইলাষ্ট্ৰেডেট উইকলি অফ ইণ্ডিয়া, লণ্ডণৰ ফটোগ্ৰাফী ইয়েৰ বুক,জাৰ্মানীৰ ফটোগ্ৰাফী অফ মেগাজিন চ'চাইটিৰ দ্বাৰা প্ৰকাশিত আলোচনীৰ বেটুপাততো এইগৰাকী বৰেণ্য আলোকচিত্ৰ শিল্পীৰ আলোকচিত্ৰই স্থান লাভ কৰি অসমবাসীক গৌৰৱাম্বিত কৰিছিল।
উল্লেখ্য যে তেওঁৰ বুজন সংখ্যক কালজয়ী আলোকচিত্ৰক সংপৃক্ত কৰি প্ৰকাশ কৰি উলিওৱা ইমেজেছ শীৰ্ষক ৰঙীন ফটোৰে সমৃদ্ধ গ্ৰন্থখন অসমৰ আলোকচিত্ৰ শিল্পৰ অন্যতম সম্পদ হিচাপে পৰিগণিত হৈছে। নতুন নতুন গাড়ী চলাই ভালপোৱা নলিনী বৰুৱাৰ গাড়ীত উঠিয়েই ১৯৬৭ চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই বিধানসভা নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰ চলাই জয়লাভ কৰিবলৈ সক্ষম হৈছিল। ওৰেটো জীৱন সংগ্ৰামেৰে পাৰ কৰা শিল্পীগৰাকীৰ কায়িক অবৰ্তমানত তেজপুৰৰ কেবাটাও যুগক প্ৰতিনিধিত্ব কৰা বৰ্ষীয়ান ব্যক্তিগৰাকীৰ অভাৱ সকলোৱে অনুভৱ কৰাটো একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ