ৰে’ল যাত্ৰীৰ সুৰক্ষা, নিৰাপত্তা আৰু মানৱ সেৱাৰ দিশত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ উৎকৃষ্ট মানদণ্ড স্থাপন
গুৱাহাটী, ০৭ জানুৱাৰী (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ) ২০২৫ বৰ্ষৰ ডিচেম্বৰ মাহত যাত্ৰীৰ সুৰক্ষা, নিৰাপত্তা মানৱ সেৱাৰ দিশত সমগ্ৰ সংমণ্ডলত এক অতুলনীয় আৰু জনকেন্দ্ৰিক কামকাজৰ প্ৰদৰ্শন আগবঢ়াইছে। সক্ৰিয় সতৰ্কতা, দ্ৰুত
নিচাজাতীয় দ্ৰব্য, চুৰি সামগ্ৰীসহ সৰবৰাহকাৰীক আটক আৰ পি এফৰ


শিশু, মহিলাক উদ্ধাৰ আৰ পি এফ বাহিনীৰ


গুৱাহাটী, ০৭ জানুৱাৰী (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ) ২০২৫ বৰ্ষৰ ডিচেম্বৰ মাহত যাত্ৰীৰ সুৰক্ষা, নিৰাপত্তা মানৱ সেৱাৰ দিশত সমগ্ৰ সংমণ্ডলত এক অতুলনীয় আৰু জনকেন্দ্ৰিক কামকাজৰ প্ৰদৰ্শন আগবঢ়াইছে। সক্ৰিয় সতৰ্কতা, দ্ৰুত সঁহাৰি আৰু সমন্বিত অভিযানৰ জৰিয়তে ৰেলৱে সুৰক্ষা বাহিনীয়ে নিৰাপদ, সুৰক্ষিত আৰু সহানুভূতিশীল তথা আৰামদায়ক ৰে’ল যাত্ৰা নিশ্চিত কৰাৰ প্ৰতি নিজৰ দৃঢ় প্ৰতিশ্ৰুতি পুনৰ দৃঢ়ভাৱে প্ৰতিপন্ন কৰিছে।

উক্ত মাহটোত ৰেলৱে সুৰক্ষা বাহিনীয়ে চুৰিৰ ঘটনাৰ সৈতে জড়িত ১৭ জন ব্যক্তিক কৰায়ত্ত কৰি প্ৰায় ২.২২ লাখ টকা মূল্যৰ ১৭ টা চুৰি হোৱা মোবাইল ফোন উদ্ধাৰেৰে যাত্ৰীৰ সম্পত্তি সুৰক্ষিত কৰাত উল্লেখযোগ্য সফলতা লাভ কৰিছে আৰু সেইসমূহ সংশ্লিষ্ট জিআৰপিৰ হাতত লগে লগে গতাই দিয়া হৈছে। ব্যতিক্ৰমী সতৰ্কতা প্ৰদৰ্শন কৰি ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে গুৱাহাটী ৰে’ল ষ্টেচনত ৰে’ল নং ১৩১২৫ আপত উঠাৰ সময়তেই পিছলি পৰিব খোজা এগৰাকী মহিলা যাত্ৰীৰ জীৱন ৰক্ষা কৰিছে, যাৰ ফলত এক সম্ভাৱ্য গুৰুতৰ দুৰ্ঘটনা প্ৰতিৰোধ কৰিব পৰা গৈছিল। মানৱ সেৱা ৰেলৱে সুৰক্ষা বাহিনীৰ কামকাজৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰবিন্দু হৈ পৰিছে, পৰিণামস্বৰূপে ২০২৫ বৰ্ষৰ ডিচেম্বৰ মাহত ৩৬ জন নাবালক ল’ৰা-ছোৱালী আৰু তিনিগৰাকী মহিলাক উদ্ধাৰ কৰি চাইল্ডলাইন, সংশ্লিষ্ট এনজিঅ’ আৰু জিআৰপিৰ হাতত সুৰক্ষিতভাৱে গতাই দিয়া হৈছে যাতে অধিক তত্বাৱধান আৰু পুনৰ্বাসন কৰিব পৰা যায়। ইয়াৰ উপৰিও ৰেলৱে সুৰক্ষা বাহিনীয়ে নিউ জলপাইগুড়ী আৰু ৰঙিয়া ষ্টেচনত সন্তান প্ৰস্ৰাবৰ সময়ত দুগৰাকী গৰ্ভৱতী মহিলাকো সময়মতে সহায় আগবঢ়াইছে। বিশেষ আইন প্ৰয়োগৰ জৰিয়তে ৰেল যাত্ৰীৰ আস্থাক অধিক নিৰ্ভৰযোগ্য কৰি চলন্ত ৰেলত শিল নিক্ষেপ কৰাৰ অভিযোগত পাঁচজন ব্যক্তিক কৰায়ত্ত কৰা হয়। একে সময়তে, অভিযানৰ জৰিয়তে আৱৰ্জনা পেলোৱাৰ অভিযোগত ১,৭২২ জন অপৰাধীৰ বিৰূদ্ধে অভিযোগ দাখিল কৰি প্ৰায় ২.২৯ লাখ টকাৰ জৰিমণা আদায় কৰা হয়। সামগ্ৰিকভাৱে, ৰেলৱে আইনৰ অধীনত ২,৬৬৯ টা গোচৰ পঞ্জীয়ন কৰা হৈছে, যাৰ ফলত ২,৬৩২ জন অপৰাধীক কৰায়ত্ত কৰি তেওঁলোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে আৰু প্ৰায় ৩.৩৬ লাখ টকাৰ জৰিমণা আদায় কৰা হয়।

ৰেলৱে সুৰক্ষা বাহিনীয়ে সংগঠিত অপৰাধ আৰু চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি ১৩ খন ৰেলৱে টিকট জব্দ কৰাৰ লগতে পাঁচজন দালালক কৰায়ত্ত কৰিছে। মাদকদ্ৰব্যৰ বিৰুদ্ধে এক বৃহৎ অভিযানত ৩২ টা গোচৰ চিনাক্ত কৰা হয় আৰু প্ৰায় ৩.১৬ কোটি টকা মূল্যৰ গাঁজা, হেৰ’ইন, ব্ৰাউন চুগাৰ আৰু কফ চিৰাপ সামগ্ৰী উদ্ধাৰৰ লগতে ১৩ জন ব্যক্তিক কৰায়ত্ত কৰা হয়। ইয়াৰ উপৰিও, অবৈধ সুৰাৰ চোৰাং ব্যৱসায়ীৰ ৩৯ টা গোচৰ চিনাক্ত কৰা হৈছে, যাৰ ফলত প্ৰায় ২.৯৮ লাখ টকা মূল্যৰ ২,৯৬০ টা সুৰাৰ বটল জব্দ কৰা হয়। বিশেষ আইনৰ সৈতে সঙ্গতি ৰাখি যাত্ৰীৰ সুবিধাকো গুৰুত্ব প্ৰদান কৰা হয়। ৰেলৱে সুৰক্ষা বাহিনীয়ে বাণিজ্যিক বিভাগৰ সৈতে সহযোগিতাৰে ৩২৫ জন টিকটবিহীন যাত্ৰীক কৰায়ত্ত কৰি ৪.৮৫ লাখ টকাৰ জৰিমণা আদায় কৰিছে, আনহাতে ধূমপানৰ নিয়ম উলংঘা কৰাৰ বাবে ২৯৩ জনৰ বিৰূদ্ধে অভিযোগ দাখিল কৰি প্ৰায় ২৬.৮০ লাখ টকা মূল্যৰ ১১৮ টা এৰি থৈ যোৱা লাগেজ উদ্ধাৰ কৰি যাত্ৰীসকলক সুৰক্ষিতভাৱে ঘূৰাই দিয়া হয়।

নিৰাপদ আৰু বাধাহীন ৰেল পৰিচালনক সঁহাৰি জনাই ৰেলৱে সুৰক্ষা বাহিনীয়ে অভিযান্ত্ৰিক বিভাগক বিভিন্ন স্থানত থকা ১১৫ টা অবৈধ দখল উচ্ছেদ কৰাবলৈ সক্ষম হয়।

সামূহিকভাৱে এই সফলতাসমূহে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ যাত্ৰী কল্যাণ, পৰিচালন উৎকৰ্ষতা আৰু সকলোৰে বাবে অধিক নিৰাপদ, পৰিষ্কাৰ আৰু সুৰক্ষিত ৰেল পৰিৱেশ গঢ়ি তোলাৰ দিশত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ অটল নিষ্ঠা আৰু প্ৰতিশ্ৰুতি স্পষ্টভাৱে প্ৰতিফলিত কৰিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande