মণিপুৰত সংঘটিত পথ দুৰ্ঘটনাত মহিলাসহ চাৰিজনৰ মৃত্যু
ইম্ফল, ০৭ জানুৱাৰী (হি.স.)। মণিপুৰৰ চুৰাচান্দপুৰ জিলাত এখন বিবাহযাত্ৰী কঢ়িয়াই নিয়া বাহন গভীৰ খাদত বাগৰি পৰাৰ ফলত চাৰিজন লোকৰ মৃত্যু হোৱাৰ কথা পলমকৈ জানিব পৰা গৈছে। মঙলবাৰে দুপৰীয়া চুৰাচান্দপুৰ জিলাৰ এটা পাহাৰীয়া ৰাস্তাত এই ভয়াৱহ দুৰ্ঘটনাটো
মণিপুৰত সংঘটিত পথ দুৰ্ঘটনাত মহিলাসহ চাৰিজনৰ মৃত্যু


ইম্ফল, ০৭ জানুৱাৰী (হি.স.)। মণিপুৰৰ চুৰাচান্দপুৰ জিলাত এখন বিবাহযাত্ৰী কঢ়িয়াই নিয়া বাহন গভীৰ খাদত বাগৰি পৰাৰ ফলত চাৰিজন লোকৰ মৃত্যু হোৱাৰ কথা পলমকৈ জানিব পৰা গৈছে। মঙলবাৰে দুপৰীয়া চুৰাচান্দপুৰ জিলাৰ এটা পাহাৰীয়া ৰাস্তাত এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে এখন পিকআপ ভানত প্ৰায় ৪০ জন যাত্ৰী এখন বিয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল। দুপৰীয়া প্ৰায় ১২ বজাত জিলাখনৰ সিংঙ্গাত এলেকাৰ নগলজাং গাঁৱৰ ওচৰৰ এটা বিপদজনক কেকুৰীত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পোনচাটেই দ খাৱৈত বাগৰি পৰে।

এই দুৰ্ঘটনাত তিনিগৰাকী মহিলাসহ চাৰিজন লোকৰ থিতাতে মৃত্যু হয় আৰু বহু যাত্ৰী গুৰুতৰভাৱে আহত হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি থাংমুয়ানমুং খুপতং, হাউচিন, চিংগাইসিয়াম আৰু নিয়াংজানিয়াং নামৰ লোককেইজনে প্ৰাণ হেৰুৱাইছে। স্থানীয় ৰাইজ আৰু প্ৰশাসনে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande