
গুৱাহাটী, ০৭ জানুৱাৰী (হি.স.)। এইবেলি হায়দৰাবাদত অনুষ্ঠিত কৰিব নিৰি৯ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ তৃতীয় সংস্কৰণ ৷ অহা ১০ আৰু ১১ জানুৱাৰীত দুদিনীয়াকৈ এই মহোৎসৱৰ আয়োজন কৰা হৈছে ৷ নিৰি৯ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ কেৱল মহোৎসৱ নহয়, ই গল্প, সংস্কৃতি আৰু বিভিন্ন সংযোগৰ এটি মঞ্চ ৷
অসমৰ জনপ্ৰিয় অ’টিটি প্লেটফৰ্ম, নিৰি৯ৰ উদ্যোগত অনুষ্ঠিত কৰিবলৈ লোৱা এই উৎসৱে গল্পকাৰ আৰু দৰ্শকসকলক একেখন মঞ্চতে একত্ৰিত কৰিব ৷ চিনেমা জগতখনৰ শিল্পকলা, সংগীত আৰু সংস্কৃতিৰ উদযাপন কৰা হ’ব নিৰি৯ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ৩.০ ত ৷
নিৰি৯ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ১১ খনকৈ অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব ৷ আনহাতে হিন্দী, বাংলা, তেলুগু আৰু আৰবী ভাষাৰ ছবিও প্ৰদৰ্শিত হ’ব ৷ অসমীয়া ভাষাৰ প্ৰদৰ্শন হ’বলগীয়া ফিচাৰ, ডকুমেণ্টৰী, শ্বৰ্ট আৰু শ্বৰ্টাৰ ফিল্ম শাখাৰ ছবি কেইখন হ’ল ক্ৰমে- জুইফুল, দ্য এলিফেণ্ট হেভেন, গ’ল্ডেন থ্ৰেড, কুঁহিপাঠ, অমনিপ্ৰেজেণ্ট, ধনগুলৈ, ইলিছ, পাপা..ফ্ৰম ডাৰ্কনেছ টু দ্য লাইট, অৱশেষত, কেৰেক্টাৰ আৰু বিয়ণ্ড দ্য আনফিনিছ্ড।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া