ধুবুৰীত বিদ্যাসাগৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা
ধুবুৰী, ০৬ জানুৱাৰী (হি.স.)। ধুবুৰীত বিদ্যাসাগৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা l বিদ্যাসাগৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পঞ্চম বাৰ্ষিক খেলৰ লগত সংগতি ৰাখি আজি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকল চহৰখনৰ বিভিন্ন অঞ্চলেদি এক সাংস্কৃতিক শোভা
ধুবুৰীত বিদ্যাসাগৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা


ধুবুৰী, ০৬ জানুৱাৰী (হি.স.)। ধুবুৰীত বিদ্যাসাগৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা l বিদ্যাসাগৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পঞ্চম বাৰ্ষিক খেলৰ লগত সংগতি ৰাখি আজি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকল চহৰখনৰ বিভিন্ন অঞ্চলেদি এক সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি ৰাইজলৈ এক বাৰ্তা প্ৰেৰণৰ প্ৰচেষ্টা কৰে।

সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে বিশেষকৈ বাল্য বিবাহ ৰোধ কৰা, নিচাজাতীয় দ্ৰব্য সেৱন বন্ধ কৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সাজ-পাৰ, কলা কৃষ্টিৰ সা-সঁজুলী লৈ সুসজ্জিত ভাবে এক বিশাল সংস্কৃতিক শোভাযাত্ৰা উলিয়াই ৰাইজৰ লগতে নৱপ্ৰজন্মক সজাগ কৰাৰ প্ৰয়াস কৰে।

মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাক আদৰণি জনাই বাল্য বিবাহ ৰোধ কৰা, নিচাজাতীয় দ্ৰব্য সেৱন বন্ধ কৰা আদিকে ধৰি নৱপ্ৰজন্মই যাতে নিজৰ কলা কৃষ্টিবোৰ ধৰি ৰাখিব পাৰে তাৰো এক প্ৰচেষ্টা লোৱা হয় বুলি বিদ্যালয়খনৰ অধ্যক্ষ গৰাকীয়ে জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande