
গোলাঘাট, ০৬ জানুৱাৰী (হি.স.)। নুমলীগড়ৰ কাষৰীয়া ব্ৰহ্মপুত্ৰ পাৰৰ দিচৈ পঞ্চায়ত কেমেৰি চাপৰিত চাঞ্চল্যকৰ ঘটনা। আকাশমাৰ্গৰ পৰা অঞ্চলটোত পৰিছে এক বৃহত আকাৰৰ বেলুন জাতীয় সামগ্ৰী । যত সংলগ্ন হৈ আছে ৰিম'ট । সামগ্ৰী বিধত লিখা আছে জাপানত নিৰ্মিত বুলি। বৃহত আকাৰৰ বেলুন টো প্ৰত্যক্ষ কৰি চাঞ্চল্যই বিৰাজ কৰিছে।
ৰিম'ট টোৰ ওপৰত ইংৰাজীতে লিখা আছে এই সমূহ তথ্য This is a Meteorological instrument for upper air observation.This is not hazardous equipment.
ইয়াৰ পূৰ্বেও তিনিচুকিয়া জিলাত এইদৰে বতৰ বিজ্ঞান বিভাগৰ কোনো সা সৰঞ্জাম আকাশৰ পৰা বেলুন সহ খেতি পথাৰত পৰিছিল বুলি জানিব পৰা গৈছেেে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা