

মৰিগাঁও, ০৬ জানুৱাৰী (হি.স.)। জাগীৰোডৰ নেলী আৰক্ষীৰ অব্যাহত আছে চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে তীব্ৰ অভিযান ৷
এক গোপন সূত্ৰৰ পম খেদি সোমবাৰে নিশা নেলী আৰক্ষীয়ে জব্দ কৰে এখন চোৰাং গৰুভৰ্তি ট্ৰাক ৷ এ এছ ০১ এন চি ৯০৪৩ নম্বৰৰ ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ২৬ টাকৈ চোৰাং গৰু ৷
আৰক্ষীয়ে আটক কৰে গাড়ীখনৰ চালক লক্ষিমপুৰৰ ইদ্দিচ আলী আৰু হেণ্ডিমেন জমিৰুদ্দিনক ৷ চিলাপথাৰৰ পৰা বৰ্ণিহাট হৈ মেঘালয়লৈ সৰবৰাহ কৰিবলৈ লওতে পুৱতিনিশা নেলী আৰক্ষীৰ টহলদাৰী দলে জব্দ কৰে গৰুভৰ্তি ট্ৰাকখন ৷ ঘটনা সন্দৰ্ভত নেলী আৰক্ষীৰ তদন্ত অব্যাহত।
হিন্দুস্থান সমাচাৰ / Narayan Kar