
শোণিতপুৰ, ০৬ জানুৱাৰী (হি.স.)। শোণিতপুৰৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য অন্তৰ্গত ছহেজাৰ দুশবিঘা ভূমি বেদখলমুক্ত কৰাৰ বাবে আজি দ্বিতীয় দিনটোত চলা উচ্ছেদ অভিযান সন্ধিয়া ছয় বজাত সমাপ্তি ঘটিছে ৷ উল্লেখযোগ্য যে,কালি প্ৰথমটো দিনত ইয়াৰে দুহেজাৰ বিঘা ভূমি বেদখলমুক্ত কৰাৰ বিপৰীতে ২৪০টা পৰিয়ালক ইয়াৰ পৰা উচ্ছেদ কৰা হৈছিল ৷ আজি পুনৰ দুটা ভাগত বিভক্ত হৈ চলোৱা উচ্ছেদ অভিযানৰ সময়ত তিনিশতাধিক পকীঘৰ এক্সকেভেটৰৰ দ্বাৰা উচ্ছেদ কৰাৰ লগতে শ শ বিঘা কৃষিভূমিৰ ওপৰত ট্ৰেক্টৰ চলাই ধ্বংস কৰে অভিযানকাৰী দলে ৷
উল্লেখযোগ্য যে, বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ ক্ষতিপূৰণ মূলক বনানীকৰণৰ এই অংশত বৃহৎ পৰিমাণৰ গোমধানকে ধৰি সৰিয়হ, ৰঙালাউ, বিলাহী, কবিকে ধৰি বিভিন্ন খেটি কৰিছিল বেদখলকাৰী সকলে ৷ উল্লেখযোগ্য যে আজি শোণিতপুৰৰ আয়ুক্ত আনন্দ কুমাৰ দাস, জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ আৰু ৰাজহ বিভাগৰ অতিৰিক্ত আয়ুক্ত কমল বৰুৱাৰ নেতৃত্বত প্ৰথমটো দলে জামুকতল, লহৰীয়া দীপচৰ আৰু শ্লুইছ গে’টৰ পৰা বেদখলীকৃত শেষ সীমালৈ উচ্ছেদ অভিযান চলায়৷ আনহাতে কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত দ্বিতীয়টো দলে বাঘেটাপু,গলটি ডোবা, শিয়ালী চৰ আৰু কুন্দলীয়া চৰত চলাই উচ্ছেদ অভিযান৷
আজি সন্ধিয়া ছয় বজাত এই উচ্ছেদ অভিযান সামৰণি পৰাৰ বিষয়ে উল্লেখ কৰি দ্বিতীয়টো উচ্ছেদ অভিযানকাৰী দলক নেতৃত্ব দিয়া তেজপুৰৰ ৰাজহচক্ৰ বিষয়া মাধুৰ্য বুঢ়াগোঁহায়ে আজি বৃহত্বৰ অঞ্চলটো বেদখল মুক্ত কৰা কাৰ্য সম্পূৰ্ণ হোৱা বুলি প্ৰকাশ কৰে৷ আনহাতে এইদৰে উচ্ছেদৰ সন্মুখীন হৈ কিংকৰ্তব্যবিমূঢ়ত পৰা লোকসকলে এতিয়া অনিশ্চয়তাত ভোগাৰ বিপৰীতে এইসকল লোকে যোৱা নৱেম্বৰতে এই অঞ্চল ত্যাগ কৰাৰ বাবে জাননী লাভ কৰিছিল য’দিও অতি নগন্য সংখ্যকেহে সেই স্হান উচ্ছেদৰ পূৰ্বে ত্যাগ কৰিছিল ৷ আনহাতে উচ্ছেদৰ সময়ত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে শোণিতপুৰৰ আয়ুক্তই ৷ তেওঁ কয় যে,কালিও উচ্ছেদৰ সময়ত ইয়াত কোনোধৰণৰ অশান্তিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাছিল ৷ দুগৰাকীমান মহিলাই চকুৰ সন্মুখতে নিজৰ ঘৰটো ভঙাৰ সময়ত স্বাভাৱিকতে আবেগিক হৈ ক্ষেদ প্ৰকাশ কৰিছিল য’দিও কোনো বাধা দিয়া নাছিল ৷
আনহাতে এই অঞ্চলত তেওঁলোকে বেদখল কৰি থকাটো জানিও তেওঁলোকে বন্যপ্ৰাণী অভয়াৰণ্যৰ ভূমি এৰি নিদি ইয়াতে বসতি তথা কৃষিকাৰ্য চলাই অহাৰ বিপৰীতে আৰীমৰা টাপোকে ধৰি আন চৰত একাংশ মাতব্বৰে বেদখলকাৰী সকলৰ পৰা পূৰ্বে ধনলৈ তেওঁলোকক ইয়াত উচ্ছেদ নচলে বুলিও প্ৰৱঞ্চনা কৰিছিল ৷ শোণিতপুৰৰ আয়ুক্তই শীঘ্ৰেই বেদখলমুক্ত হোৱা এই ভূমিত বনবিভাগে গছপুলি ৰোপন কৰিব বুলিও সদৰি কৰে ৷ উল্লেখযোগ্য যে, ভালেসংখ্যক পকী ঘৰ সহ সাতশ ১০টা পৰিয়ালক উচ্ছেদ কাৰ্য সম্পূৰ্ণ কৰাৰ লগতে এই অংশত বাসকৰা লোকসকলৰ অধিকাংশই নগাঁৱৰ একাধিক অঞ্চলৰ লোক আৰু তেওঁলোকৰ ভোটাৰ তালিকাতো নাম আছে ৷
প্ৰণিধানযোগ্য যে, কংগ্ৰেছৰ কাৰ্যকালতে এই অভয়াৰণ্যত ব্যাপকভাবে বেদখল হোৱাৰ বিপৰীতে যোৱা পঞ্চায়ত নিৰ্বাচনতো এইসকল লোকে ভোটদান কৰিছিল ৷ এইসকল উচ্ছেদিত লোকৰ মাজত একাংশই নিজকে বিজেপি দলৰ সমৰ্থক বুলি পৰিচয় দি যোৱা পঞ্চায়ত নিৰ্বাচনতো বিজেপিকে ভোট দিয়া বুলি দাবী কৰিছে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ