
ধুবুৰী, ০৬ জানুৱাৰী (হি.স.)। বিলাসীপাৰাৰ চাপৰৰ পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান । কেইমাহ মান পূৰ্বে ৰাজ্যৰ ভিতৰত সৰ্ববৃহৎ উচ্ছেদ চলিছিল চাপৰ ৰাজহ চক্ৰৰ অধীনস্থ চৰুৱাবাখৰা, সন্তোষপুৰ আৰু চিৰাকুটাত । আদানী গ্ৰুপৰ তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ নামত চলিছিল এই উচ্ছেদ অভিযান।
ইতিমধ্যে এপিডিচিএল ক হস্তান্তৰ কৰিছে অঞ্চলটোৰ ৩ হাজাৰ ৫০০ বিঘা ভূমি। ইয়াৰ পূৰ্বে অঞ্চলটোত চৰকাৰী ভুমি বেদখল কৰি থকা সহস্ৰাধিক পৰিয়ালক উচ্ছেদ কৰিছিল প্ৰশাসনে |পুনৰ উচ্ছেদিত এলেকাত আজি জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। বিশাল আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত চলিছে এই উচ্ছেদ অভিযান।
পিছে এইবাৰ চৰকাৰী খাচভুমিৰ বিপৰীতে পট্টাভুক্ত ভুমিত প্ৰশাসনৰ বুলডোজাৰ। প্ৰায় ১০০ বিঘা ভূমিত বসবাস কৰা ৯০ টাকৈ পৰিয়ালক প্ৰশাসনে চলাইছে এই উচ্ছেদ অভিযান। ইফালে একাংশ উচছেদিত পৰিয়ালৰ অভিযোগ কোনো আগ জাননী নিদিয়াকৈ হঠাৎ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযানে বিপাঙত পেলাইছে পট্টাভুক্ত লোক সকলক । আনহাতে পট্টাভুক্ত বাসিন্দা সকলক পৰ্য্যাপ্ত ক্ষতি পূৰন আৰু পুনৰসংস্থাপন নিদিয়া লৈকে উচ্ছেদ নচলাবলৈ অসম চৰকাৰৰ মুখ্য সচিবৰ কাৰ্যালয়ত যোৱা ২৭ আগষ্টত আবেদন দাখিল কৰিছিল ভুক্তভোগী পৰিয়াল একাংশই | ইয়াৰ ভিত্তিত মুখ্য সচিবে যোৱা ১৫ ডিচেম্বৰত আবেদনৰ শুনানী গ্ৰহন কৰিছিল | আৰু আবেদনৰ অজোৰ আপত্তি নিষ্পত্তি নোহোৱা লৈকে উচছেদ নচলাবলৈ আদেশ জাৰি কৰিছিল বুলি জানিব দিয়ে |
কিন্তু তেনে আদেশক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি ধুবুৰী জিলা প্ৰশাসনে আজি পট্টা ভুক্ত বাসিন্দা সকলৰ বাসগৃহত উচ্ছেদ অভিযান চলাইছে বুলি অভিযোগ তুলিছে ভুক্তভোগী একাংশই | সেয়ে বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীক বিবেচনা কৰিবলৈ কাতৰ আহ্বান জনাইছে ৰাইজে |
আনহাতে উচ্ছেদ স্থলীত সাংবাদিকৰ প্ৰৱেশত বাধা আৰোপ কৰিছে ধুবুৰী জিলা প্ৰশাসনে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা