
শোণিতপুৰ, ০৬ জানুৱাৰী (হি.স.)। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM), শোণিতপুৰ জিলা মিছন মেনেজমেণ্ট ইউনিটৰ জৰিয়তে অসমী ভোগালী মেলা, ২০২৬ অহা ৯ জানুৱাৰী পৰা ১১ জানুৱাৰী ২০২৬লৈ তেজপুৰৰ কলেজিয়েট ফিল্ডত আয়োজন কৰা হৈছে। আগন্তুক মাঘ বিহুৰ পূৰ্বে জিলাখনৰ আত্মসহায়ক গোট (SHG)ৰ সদস্যসকলক নিজৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে এক বিপণন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যেৰে এই মেলাৰ আয়োজন কৰা হৈছে।
এই মেলাত কমেও ৩০টা ষ্টল বা বিপনী স্থাপন কৰা হ’ব, য’ত স্থানীয়ভাৱে উৎপাদিত বিভিন্ন আত্মসহায়ক গোটৰ সামগ্ৰী, পৰম্পৰাগত সামগ্ৰী আৰু গ্ৰাম্য জীৱিকাৰ সৈতে জড়িত উৎপাদনসমূহ উপলব্ধ থাকিব অসমী ভোগালী মেলাৰ মূল লক্ষ্য হৈছে গ্ৰাম্য উদ্যোগীকৰণক উৎসাহিত কৰা, মহিলা নেতৃত্বাধীন আত্মসহায়ক গোট সমূহক সহায় আগবঢ়োৱা আৰু জনসাধাৰণক স্থানীয়ভাৱে উৎপাদিত সামগ্ৰী ক্ৰয় কৰিবলৈ উদ্বুদ্ধ কৰা, যাৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ প্ৰয়াস কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ