তেজপুৰত অসম ৰাজ্যিক মহিলা ব্ৰাহ্মণ সমাজৰ সভা সম্পন্ন
Assam, 06 জানুৱাৰী তেজপুৰত অসম ৰাজ্যিক মহিলা ব্ৰাহ্মণ সমাজৰ সভা সম্পন্ন ৰাজ্যখনৰ বিভিন্ন জিলাৰ সদস্যাৰ অংশ গ্ৰহণ প্ৰতিগৰাকী মাতৃ মৰমীয়াল আৰু সাহসী হ''ব লাগিব --অঞ্জলি গোস্বামী ,সভানেত্ৰী মানুহৰ আচৰণৰ লগত খাদ্যাভ্যাসৰ সম্পৰ্ক থাকে --বীৰেণ শ
তেজপুৰত অসম ৰাজ্যিক মহিলা ব্ৰাহ্মণ সমাজৰ সভা সম্পন্ন


Assam, 06 জানুৱাৰী

তেজপুৰত অসম ৰাজ্যিক মহিলা ব্ৰাহ্মণ সমাজৰ সভা সম্পন্ন

ৰাজ্যখনৰ বিভিন্ন জিলাৰ সদস্যাৰ অংশ গ্ৰহণ

প্ৰতিগৰাকী মাতৃ মৰমীয়াল আৰু সাহসী হ'ব লাগিব --অঞ্জলি গোস্বামী ,সভানেত্ৰী

মানুহৰ আচৰণৰ লগত খাদ্যাভ্যাসৰ সম্পৰ্ক থাকে --বীৰেণ শৰ্মা

পৰিয়ালত চলি থকা পঞ্চ যজ্ঞইহে এখন ঘৰ সম্পূৰ্ণ কৰে --চন্দ্ৰেশ্বৰ শৰ্মা

শোণিতপুৰ, ০৬ জানুৱাৰী (হি.স.)।

অসম ৰাজ্যিক মহিলা ব্ৰাহ্মণ সমাজৰ তৃতীয়খন কাৰ্যনিৰ্বাহক সভা কালি তেজপুৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় । ব্ৰাহ্মণ মহিলা সমাজৰ ৰাজ্যিক সভানেত্ৰী অঞ্জলি গোস্বামীৰ দ্বাৰা সমাজৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱাৰ পিছত স্মৃতি তৰ্পণ শুভাৰম্ভ কৰে চাৰিদুৱাৰ মহিলা ব্ৰাহ্মণ সমাজৰ উপদেষ্টা অনুপমা গোস্বামীয়ে । ইয়াৰ পিছতেই প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ লগতে আন সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত সকলোৱে অংশ গ্ৰহণ কৰে ।

আনহাতে শোণিতপুৰ জিলা সমিতিৰ সভানেত্ৰী অজু গোস্বামীৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা আৰু অসম ব্ৰাহ্মণ মহিলা সমাজৰ সম্পাদিকা ৰঞ্জু মনি দেৱীয়ে আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছত ৰাজ্যিক সভানেত্ৰী অঞ্জলি গোস্বামীৰ পৌৰোহিত্যত মূল সভা অনুষ্ঠিত হয় । ৰাজ্যিক উপ সভানেত্ৰী মঞ্জুৰানী দেৱীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পিছত সম্পাদিকা ৰঞ্জুমনি দেৱীয়ে বিগত সভাৰ প্ৰতিবেদন পাঠ কৰে ।সভাখনত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থকা বীৰেন শৰ্মাই ভাষণত নাৰীয়েই এটা পৰিয়ালৰ আদি মূল বুলি কৈ পৰিয়াল এটা সুচাৰুৰূপে চলাবলৈ নাৰীৰ ভূমিকা অপৰিসীম বুলি মন্তব্য কৰি নাৰীক দেৱতাইও পূজা কৰে বুলি কয় ।

মানুহৰ আচৰণৰ লগত খাদ্যাভাসৰ সম্পৰ্ক থকা বুলি উল্লেখ কৰি ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ জাতি সকলোবোৰেই সমাজৰ অবিচ্ছেদ্য অংগ বুলি কৈ এখন সুস্থ সমাজ গঠনত প্ৰত্যেকৰে অৰিহণা অতীজৰে পৰা চলি আহিছে বুলি কয় । ৰেখা পূজাৰীয়ে লোকগীত পৰিৱেশন কৰা সভাখনত আন এগৰাকী বক্তা চন্দ্ৰেশ্বৰ শৰ্মাই আগবঢ়োৱা ভাষণত আমাৰ পৰিয়ালত চলি থকা পঞ্চ যজ্ঞৰ কথা উল্লেখ কৰি ব্ৰহ্ম যজ্ঞ, পিতৃ যজ্ঞ, ইষ্ট যজ্ঞ, নিৰ যজ্ঞ আৰু ভোজ যজ্ঞৰ ওপৰত বিস্তৃত আলোকপাত কৰি এই পাঁচোটি যজ্ঞ সমাপন হ'লেই এখন ঘৰ সম্পূৰ্ণ হয় বুলি মন্তব্য কৰে । তেওঁ ভাষণত পৰিয়াল ব্যৱস্থাত কি কি নিয়ম-কানুন মানি চলিব লাগে সেই বিষয়েও সবিশেষ ব্যখ্যা আগবঢ়ায় । অসম ৰাজ্যিক মহিলা ব্ৰাহ্মণ সমাজৰ প্ৰাক্তন সভানেত্ৰী লাৱণ্য শৰ্মাই আগবঢ়োৱা ভাষণত মহিলা সকলৰ আধ্যাত্মিক দিশটোৰ ওপৰত ব্যখ্যা কৰি সৰুৰেপৰাই যদি মহলা সকলে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ অভ্যাস কৰে তেতিয়া উশৃংখল হ'ব নোৱাৰে বুলি কয় ।

প্ৰাক্তন উপসভানেত্ৰী অপৰ্ণা দেৱীয়ে সাংগঠনিক দিশৰ ওপৰত ভাষণ প্ৰদান কৰা সভাখনত কাৰ্যকৰী সভানেত্ৰী কুঞ্জ গোস্বামীয়েও সমাজৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে । উপসভানেত্ৰী অৰুণা দেৱীয়ে আধ্যাত্মিক দিশৰ ওপৰত আলোকপাত কৰা সভাখনত বিত্ত সম্পাদিকা গীতিকা দেৱীয়েও ভাষণ প্ৰদান কৰাৰ লগতে সভানেত্ৰীৰ আসনৰ পৰা অঞ্জলি গোস্বামীয়ে সকলো আই -মাতৃক আহ্বান জনায় কয় যে -আমি প্ৰতিগৰাকী মাতৃয়েই মৰমিয়াল আৰু সাহসী হ'ব লাগিব ।সন্তানক মাতৃ গৰ্ভৰ পৰাই সংস্কাৰী কৰি আনি এজন দেশৰ সুনাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব ।ছত্ৰপতি শিৱাজীক মাক জীজাবাইয়ে যেনেদৰে দেশমাতৃক ৰক্ষা কৰিবৰ বাবে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিছিল তাৰ উদাহৰণ দাঙি ধৰি মহিলা সকলৰ যে পৰিয়ালৰ লগতে সমাজৰ প্ৰতি বিশেষ দায়িত্ব আৰু কৰ্ত্তব্য আছে তাক বিষদভাৱে আলোকপাত কৰে ।

উল্লেখ্য যে শতাধিক সদস্যাৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনৰ অন্তত শলাগ জ্ঞাপন কৰে সম্পাদিকা ৰঞ্জু মনি দেৱীয়ে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande