প্ৰতিভাৱন শিল্পী মীনা চৌধুৰী, ৰঙিয়াৰ ৰাজপথত দিনে নিশাই চলাই গৈছে জীৱন সংগ্ৰাম
কামৰূপ, ০৫ জানুৱাৰী (হি.স.)। ৰঙিয়াৰ এগৰাকী প্ৰতিভাৱন কন্ঠশিল্পী যি গৰাকী শিল্পীয়ে ইতিমধ্যেই মুম্বাইত অনুষ্ঠিত হৈ যোৱা ছা ৰে গা মা পা লিটিল চেম্পত অংশ গ্ৰহণ কৰি ৰঙিয়া তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল সেই গৰাকী শিল্পীয়ে আজি ৰঙিয়াৰ ৰাজপথত দিনে নিশ
প্ৰতিভাৱন শিল্পী মীনা চৌধুৰীৰ


কামৰূপ, ০৫ জানুৱাৰী (হি.স.)। ৰঙিয়াৰ এগৰাকী প্ৰতিভাৱন কন্ঠশিল্পী যি গৰাকী শিল্পীয়ে ইতিমধ্যেই মুম্বাইত অনুষ্ঠিত হৈ যোৱা ছা ৰে গা মা পা লিটিল চেম্পত অংশ গ্ৰহণ কৰি ৰঙিয়া তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল সেই গৰাকী শিল্পীয়ে আজি ৰঙিয়াৰ ৰাজপথত দিনে নিশাই চলাই গৈছে জীৱন সংগ্ৰাম।এয়াই হৈছে আমাৰ অসমৰ শিল্পীৰ দুৰৱস্থা। হয় আমি কবলৈ গৈছো প্ৰতিভাৱন শিল্পী মীনা চৌধুৰীৰ কথা।প্ৰতিভা থকাৰ পিছতো আৰ্থিক অনাতনাৰ বাবে নিজৰ সুপ্ত প্ৰতিভা বিকাশ কৰাত ব্যাৰ্থ আজি মীনা।

পিতৃয়ে কৰে দিন হাজিৰা। উপায়ন্তৰ হৈ এতিয়া নিজ পিতৃৰ সৈতে এনেদৰে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছে মিনাই।দিনেই নিশাই মীনাই এতিয়া ৰঙিয়াৰ ৰাজপথত গীত পৰিৱেশন কৰি চলাই গৈছে নিজৰ জীৱন সংগ্ৰাম।পিতৃয়ে নিজৰ জীয়ৰী গৰাকীক আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ ওচৰত বহুবাৰ আৰ্থিক ভাৱে সহায় বিচাৰিছিল যদিও আজিলৈ চৰকাৰৰ ফালৰ কোনো ধৰণৰ সহায় নাপালে যাৰ বাবে এনেদৰে পিতৃ কন্যাই ৰঙিয়াৰ ৰাজপথত চলাই গৈছে জীৱন সংগ্ৰাম। গতিকে ইয়াৰ পিছতো এই প্ৰতিভাৱন শিল্পী গৰাকীৰ ওপৰত চৰকাৰ তথা কোনো দল সংগঠনৰ এবাৰ চকু পৰিবনে?নে এনেদৰে হেৰাই যাব অসমৰ একো একোটা সুপ্ত প্ৰতিভা ই এক ডাঙৰ প্ৰশ্ন।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande