
নগাঁও, ০৭ জানুৱাৰী (হি.স.): নগাঁও জিলাৰ কলিয়াবৰ আৰক্ষী থানা এলেকাধীন চামগুৰি সত্ৰত যোৱা কালি মঙ্গলবাৰে বিয়লি ভয়ংকৰ বাইক দুৰ্ঘটনা সংঘটিত হয়। দুখন বাইকৰ মুখামুখি সংঘৰ্ষত আহত হয় তিনিজনকৈ বাইক আৰোহী।
দূৰ্ঘটনাগ্ৰস্ত বাইক দুখনৰ পঞ্জীয়ন নম্বৰ এএছ ০২ এডব্লিউ ১৭০১ আৰু এএছ ০২ কিউ ৯৩২৫ বুলি জনা গৈছে। এই ঘটনাত আহত তিনি আৰোহীক স্থানীয় লোকসকলে ততাতয়াকৈ জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দূৰ্ঘটনাত আহত হেমকান্ত বৰা নামৰ লোকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাত হেমকান্ত বৰাক তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে চিকিৎসকে। দূৰ্ঘটনাত আহত আন দুই আৰোহী ক্ৰমে নিতিশ কুমাৰ গুপ্তা আৰু মুজাৰুল হক বুলি পৰিচয় পোৱা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ