টীয়কৰ মেলেঙত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত এজন
যোৰহাট, ০৮ জানুৱাৰী (হি.স.)। যোৰহাট জিলাৰ টীয়কৰ মেলেঙত যোৱা কালি বুধবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত নিহত হয় এজন লোক। নিশা ঘন কুৱলী আৰু নিৰ্মিয়মান মেলেং টোলগেটত নিশা পোহৰৰ‌ কোনো ব্যৱস্থা নথকাৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই দুৰ
টীয়কৰ মেলেংত ভয়ংকৰ পথ দুৰ্ঘটনা নহত এজন


যোৰহাট, ০৮ জানুৱাৰী (হি.স.)। যোৰহাট জিলাৰ টীয়কৰ মেলেঙত যোৱা কালি বুধবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত নিহত হয় এজন লোক।

নিশা ঘন কুৱলী আৰু নিৰ্মিয়মান মেলেং টোলগেটত নিশা পোহৰৰ‌ কোনো ব্যৱস্থা নথকাৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় এজন বাইক আৰোহী। নিশা টোলগেটৰ কাষতে গুৰুতৰ অৱস্থাত পথাচাৰিয়ে প্ৰত্যক্ষ কৰি আৰক্ষীৰ সহযোগত যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে যদিও পুৱতি নিশা যুৱক জনৰ মৃত্যু হয়। মৃত যুৱকজনৰ নাম অৰুণাভ গগৈ আৰু তেওঁৰ ঘৰ টীয়ক চাওদাং গাঁৱত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্ত হোৱা মটৰ চাইকেল খনৰ নম্বৰ এএছ ০৩ এএন ৬৩১৭ বুলি জনা গৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande