টংলাত ৰাভা লোক কৃষ্টিৰ কৰ্মশালা
টংলাত ৰাভা লোক কৃষ্টিৰ কৰ্মশালা।
টংলাত ৰাভা লোক কৃষ্টিৰ কৰ্মশালা


ওদালগুৰি, ০৮ জানুৱাৰী (হি.স.): ওদালগুৰি জিলাৰ টংলাত ৰাভা লোক কৃষ্টিৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে।নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি টংলাৰ হাবিগাঁ‌ৱত ৭ দিনীয়া ৰাভা লোক কৃষ্টিৰ কৰ্মশালাৰ আয়োজন কৰা হয়।

উল্লেখ্য যে অহা ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ ওদালগুৰি জিলাৰ টংলাৰ হাবিগাঁ‌ও ৰাম চন্দ্ৰ সমন্বয় ক্ষেত্ৰত ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ উদযাপন। সেয়েহে উদযাপনত স্ব-জাতীয় লোক কৃষ্টিৰে অনুষ্ঠান আৰু অধিক আকৰ্ষণীয় কৰি তোলাৰ উদ্যেশ্য উদযাপনৰ লগত সংগতি ৰাখি চলিত মাহৰ ৫ জানুৱাৰী তাৰিখৰ পৰা ১২ তাৰিখলৈ ৭ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে ৰাভা লোক কৃষ্টিৰ কৰ্মশালা । কৰ্মশালাত ৰাভা লোক কৃষ্টিৰ বিভিন্ন কলা কুশলীৰ লগতে অঞ্চলটোৰ প্ৰায় ৩ শতাধিক ডেকা গাভৰুৱে অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande