
শোণিতপুৰ, ০৮ জানুৱাৰী (হি.স.): শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চৈবাৰী জ্যোতি বিষ্ণু ক্ষেত্ৰত অহা ইং ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰী মন্ত শঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ৷ অধিৱেশনৰ সফল কামনাৰে গঠিত ৩৫ খনকৈ উপ সমিতি এতিয়া নিজ নিজ কৰ্মত পূৰ্ণোদ্যমে নিয়োজিত হৈ পৰা দেখা গৈছে ৷
তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা শ্ৰী মন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিবেশন প্ৰস্তুতি ইতিমধ্যে তুংগত হৈ উঠিছে ৷ উক্ত জ্যোতি বিষ্ণু ক্ষেত্ৰত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই সমগ্ৰ পৰিবেশ বুজ লোৱাৰ লগতে ৰাইজৰ লগত একেলগে আলোচনা মাধ্যমেৰে পৰামৰ্শও আগবঢ়ায় । এই উদ্দেশ্যেৰে সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে জ্যোতি-বিষ্ণু স্থলী চাফাই কৰাৰ মানসেৰে হাতত কাচি লৈ নৰা কটাত ব্যস্ত হৈ পৰা দেখা যায় ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ