
মাজুলী, ০৭ জানুৱাৰী (হি.স.): ৰাজ্যত প্ৰাক ভোগালীৰ পাৰ ভঙা আনন্দ আৰম্ভ হৈছে ৷ মাজুলীতো চলিছে ভোগালীৰ ব্যস্ততা৷ মাজুলীৰ গ্ৰামাঞ্চলৰ সমান্তৰালভাৱে এখন বিদ্যালয়তো চলিছে ভোগালীৰ আয়োজন ।
মাজুলীৰ বনগাঁও শংকৰদেৱ বিদ্যা নিকেতনত চলিছে ভোগালীৰ আয়োজন । বিদ্যালয় খনত কন কন ছাত্ৰ-ছাত্ৰী পুৰিছে চু্ঙা পিঠা৷ কোনোবাই যদি বাহ কাটিছে কোনোবাই চুঙাত পিঠাগুৰি ভৰাইছে, আন কোনোবাই আকৌ জুইত পিঠা পুৰিছে৷ইফালে একেবাৰে কনমানী হতে একাষে বহি চু্ঙা পিঠা কেনেকৈ প্ৰস্তুত কৰে তাৰ পৰিৱেশ চাই আপ্লুত হৈছে৷প্ৰকৃতাৰ্থত চহা গাৱঁলীয়া জীৱনৰ প্ৰকৃত তাহানিৰ পৌৰাণিক পৰম্পৰা বোৰ কংক্ৰিটৰ দিনত হেৰাই যাব ধৰিছে তাৰ বাবেই এই ভোগালীৰ আমেজ আৰু ভোগালীৰ ৰং কন কন হতক চিনাকী কৰাই দিবৰ বিদ্যালয়ৰ আচাৰ্য সকলে এই পদক্ষেপ হাতত লৈছে৷ অৱশ্যে প্ৰতি বছৰেই এই ভোগালীৰ আয়োজন বিদ্যালয় খনত অনুষ্ঠিত হয়৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ