
শিৱসাগৰ, ০৫ জানুৱাৰী (হি.স.): শিৱসাগৰ জিলাৰ শিলাকুটি ১নং কোঁৱৰ গাওঁ খনত মাঘ বিহুৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে। গাওঁখনৰ জীয়ৰী বোৱাৰী এক লগ হৈ খুন্দিছে চিৰা পিঠা সান্দহ ইত্যাদি।
অসমীয়াৰ তিনি বিহুৰ মাজত এটা বিহু মাঘৰ বিহু। চহা খেতিয়কে সোণালী ধান চপাই পালন কৰে এই বিহুৰ। এই মাঘৰ বিহুক লৈ ব্যস্ততা বাঢ়িছে প্ৰতিগৰাকী অসমীয়াৰ। এই ভোগালী বিহুক লৈ ব্যস্ততা শিৱসাগৰ শিলাকুটি ১নং কোঁৱৰ গাঁৱৰ ৰাইজৰ। ইফালে মাঘ বিহুৰ দিনা জ্বলাবলৈ পথাৰত মেজি সাজিবলৈ ডেকা আৰু কিশোৰ সকল ধৰা সংগ্ৰহ কৰাৰ কামত ব্যস্ত হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ