
মৰিগাঁও, ০৫ জানুৱাৰী (হি.স.)। বহিঃ ৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ চঞ্চল দাস। বিগত ১৮ দিন ধৰি সন্ধানহীন হৈ আছে মৰিগাঁওৰ যুৱক জন। ডিমাপুৰৰ হাফ নাগাযান অঞ্চলত কাম কৰি থকা স্থানৰ পৰা নিখোজ চঞ্চল দাস। মৰিগাওত নিখোজ যুৱক জনৰ পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কীয় এক এজাহাৰ দাখিল কৰিছে।
মৰিগাও আৰক্ষী ইতিমধ্যে ডিমাপুৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে নিৰুদ্দিষ্ট যুৱক জনৰ সন্ধান উলিয়াবলৈ। ডিমাপুৰ আৰক্ষী নিখোজ যুৱক জনৰ সন্ধানত অনুসন্ধান আৰম্ভ কৰিছে।
কোনো লোকে সন্ধান পালে-৮৪৭৩৯১১ ৬৮৪ যোগাযোগৰ আহ্বান পৰিয়ালৰ ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু