
গোলাঘাট, ০৫ জানুৱাৰী (হি.স.): গোলাঘাটৰ শালিকীহাট খাৰজান গাঁৱত যোৱা কালি দেওবাৰে সন্ধিয়া এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। খাৰজান গাঁও খনৰ জিতু শইকীয়া নামৰ লোকজনৰ খেৰ ঘৰত ভয়াৱহ অগ্নি কাণ্ড সংঘটিত হয়।
ইফালে খেৰ ঘৰৰ কাষতে থকা দুটাকৈ বাস গৃহ কথমটি ৰক্ষা পৰে। দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। অগ্নি কাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা নাই। ঘটনাস্থলিত কমাৰবন্ধা আৰক্ষী উপস্থিত হৈ জুই নিৰ্বাপিত কৰা কাৰ্য্য তদাৰক কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ