
বৰপেটা, ০৫ জানুৱাৰী (হি.স.): বনভোজ বতৰত সুৰাপায়ী চালকৰ বিৰুদ্ধে সজাগ হৈ পৰিছে আৰক্ষী বাহিনী। বৰপেটাৰোডৰ আৰক্ষী আৰু বৰপেটা পৰিবহনৰ বিভাগৰ তৰফৰ পৰাও সুৰাপায়ী চালকৰ বিৰুদ্ধে তুলিছে অভিযান।
বৰপেটাৰোড আৰক্ষী আৰু পৰিবহন বিভাগে কঠোৰ হৈ পৰিছে। বৰপেটাৰোডৰ বিভিন্ন স্থানত চলিছে অভিযান। দুৰ্ঘটনাৰোধৰ বাবে সতৰ্ক হৈ পৰিছে পৰিবহন বিভাগে। সুৰাপায়ী চালক সকলৰ বাবে সঘনাই যিহেতু হয় দুৰ্ঘটনা ইয়াৰ বাবেই বৰপেটা পৰিবহন বিভাগে হৈ পৰিছে কঠোৰ। যোৱা কালি দেওবাৰে সন্ধিয়া হাতত ব্ৰেড এনালাইজাৰ লৈ সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলোৱা দেখা গ'ল বৰপেটাৰোড আৰক্ষী আৰু পৰিবহন বিভাগক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ