বহিঃৰাজ্যত মৃত্যুমুখত পৰিল জোনাইৰ দুই যুৱক
এজন পথ দুৰ্ঘটনাত আন এজন ৰহস্যজনক মৃত্যু।
বহিঃৰাজ্যত মৃত্যুমুখত পৰিল জোনাইৰ দুই যুৱক


ধেমাজি, ০৪ জানুৱাৰী (হি.স.): নৱবৰ্ষৰ আনন্দৰ মাজতে বহিঃৰাজ্যত কৰ্মৰত জোনাইৰ দুজন যুৱকৰ কৰুণ মৃত্যুৰ খবৰে সমগ্ৰ জোনাই অঞ্চলত শোকাকূল পৰিৱেশৰ সৃষ্টি কৰিছে।জোনাই বাহিৰ জোনাই গাঁও পঞ্চায়তৰ অন্তৰ্গত বগীনদী অকলেণ্ড গাঁও নিবাসী বুবুল বৰুৱাৰ ২২ বছৰীয়া পুত্ৰ বকুল বৰুৱাই তেলেংগনাৰ হাইদৰাবাদত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয়।

জানিব পৰামতে, যোৱা কিছু বছৰ ধৰি হাইদৰাবাদত যুৱকজনে এখন ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল । কিন্তু যুৱকজনে শুক্ৰবাৰে পুৱতি নিশা মটৰ চাইকেলেৰে নিজৰ ভাড়াঘৰলৈ গৈ থকা অৱস্থাত এখন চাৰি চকীয়া বাহনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। আৰু ঘটনাস্থলীতে যুৱকজনৰ মৃত্যু হয়। যোৱা কালি শনিবাৰে বিয়লি তেওঁৰ মৃতদেহ নিজ গৃহ আহি পোৱাৰ পিছতে পৰিয়াল তথা সমগ্ৰ গাঁওখনত শোকৰ পৰিৱেশৰ সৃষ্টি হয়।

আনহাতে, আন এগৰাকী জোনাইৰ ২নং চিৰাম পুৰীয়া গাঁৱৰ ৰত্নেশ্বৰ দলেৰ পুত্ৰ বিনয় দলে নামৰ যুৱকজনৰ কেৰেলাৰ কুচিত বিগত ২৯ ডিচেম্বৰত ৰহস্যজনকভাৱে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বহিঃৰাজ্যত কৰ্মৰত যুৱকজনৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। শুক্ৰবাৰে নিশা বিনয় দলেৰ নশ্বৰ দেহ নিজ গৃহত উপস্থিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত গভীৰ শোকাকূল পৰিৱেশৰ সৃষ্টি হয়।

বহিঃৰাজ্যত জীৱিকাৰ সন্ধানত থকা দুজনকৈ যুৱকৰ আকস্মিক মৃত্যুৱে পৰিয়ালৰ লগতে সমগ্ৰ জোনাইবাসীক মৰ্মাহত কৰি তুলিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande