
শিৱসাগৰ, ০৫ জানুৱাৰী (হি.স.): অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে দু:খবৰ। অসম গৌৰৱ ফুটবলৰ নিৰ্মাতা লক্ষ্মীকান্ত মহন্তৰ পৰলোকপ্ৰাপ্তি ঘটে । উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত (৯৪)ৰ দেওবাৰে নিশা দেহাৱসান ঘটে । বিগত কিছুদিন ধৰি অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল লক্ষ্মীকান্ত মহন্ত।
উল্লেখ্য় যে শিৱসাগৰ গণকপট্টি সেউজপুৰৰ বাসিন্দা আছিল লক্ষ্মীকান্ত মহন্ত । ১৯৫৮ চনতে প্ৰতিষ্ঠা কৰিছিল ইণ্ড্ৰাষ্ট্ৰিযেল আৰ্ট (Industrial art) নামৰ ক্ষুদ্ৰ উদ্যোগটো। লক্ষ্মীকান্ত মহন্ত শিৱসাগৰৰ এজন বিশিষ্ট ব্যক্তি, শ্ৰীশ্ৰী উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰীয়া সংস্কৃতিৰ সাধক, সমাজকৰ্মী, আৰু এগৰাকী ক্ৰীড়া উদ্যোগী হিচাপে পৰিচিত। শিৱসাগৰত ফুটবল নিৰ্মাণৰ দৰে গুৰুত্বপূৰ্ণ কাম কৰিছিল আৰু 'অসম গৌৰৱ' ফুটবলৰ প্ৰতিষ্ঠাপক হিচাপেও জনাজাত।
শিৱসাগৰৰ সামাজিক আৰু সাংস্কৃতিক জীৱনত এক প্ৰভাৱশালী নাম আছিল। উত্তৰ-পূবৰ প্ৰথমগৰাকী ফুটবল নিৰ্মাতা হিচাপেও গণ্য কৰা হয় মহন্তক।অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক আছিল তেখেত । শিৱসাগৰ জিলা সাহিত্য সভাই তেওঁৰ জীৱনৰ ওপৰত অনুকৰ্শন অভিদৰ্শন নামৰ এখন অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰিছিল। তেখেতৰ বিয়োগে সমগ্ৰ শিৱসাগৰত শোঁকৰ ছাঁ পেলাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ