
লক্ষীমপুৰ, ০৪ জানুৱাৰী (হি.স.): লক্ষীমপুৰ জিলাৰ বঙালমৰা, বিহপুৰীয়া আদি অঞ্চলত অতি কৌশলেৰে ছাগলী চুৰিত নামিছে একাংশ মহিলা। গাঁৱৰ পৰা চুৰি কৰা ছাগলী সমূহ বিক্ৰী কৰে কচাইক। এইবাৰ চুৰি ছাগলী সহ বিহপুৰীয়া আৰক্ষীৰ জালত কালি সন্ধিয়া পৰিছে দুগৰাকী মহিলা সহ এটা কচাই।
ইফালে নিজৰ নিজৰ চুৰি হোৱা ছাগলী বিচাৰি আৰক্ষী থানাৰ সন্মুখত ভিৰ কৰিছে ছাগলীৰ গৰাকীয়ে। ছাগলী চুৰি চক্ৰটোৰ লগত জড়িত হৈ আছে আন কেবাটাও চোৰ। ধৃত লোক কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আটাইকেইটা চোৰক কৰায়ত্ত কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ