
হোজাই, ৪ জানুৱাৰী (হি.স.): হোজাই জিলাৰ লংকাৰ ৮ নং ওৰ্ডাৰ ৰংমহলত যোৱা কালি শনিবাৰে নিশা চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। গৃহস্থ ঘৰত নথকা সুযোগতে চুৰে চলালে লুটপাত।
সুভাষ ঘোষ নামৰ ব্যক্তিজনৰ বাসগৃহত চোৰৰ চাফাই অভিযান।গড্ৰেজৰ লকাৰ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে চুৰে লুটি নিলে ছাৰে পাঁচ ভৰি সোণৰ অলংকাৰ সহ নগদ ১,৪৫,০০০০ এক লাখ। ঘৰৰ খিৰিকীৰ লোৰ গ্ৰীল ভাঙি বাসগৃহৰ ভিতৰত প্ৰৱেশ কৰে চোৰে। পৰবৰ্তী সময়ত ঘটনাস্থলীত শংকৰ নগৰৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ