গোসাইগাঁৱত বিনামূলীয়াকৈ কম্বল বিতৰণ
গোসাইগাওঁত বিনামূলীয়াকৈ কম্বল বিতৰণ কৰা হয় ।
গোসাইগাঁৱত বিনামূলীয়াকৈ কম্বল বিতৰণ


কোকৰাঝাৰ, ০৪ জানুৱাৰী (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত নৱগঠিত গোসাইগাওঁ পিচ আৰু প্ৰগ্ৰেছ ফাউন্টেশ্বন স্বেচ্ছাসেৱী সংগঠন (এনজিও)ৰ ফালৰ পৰা দৰিদ্ৰ আৰু দুখীয়া মানুহৰ মাজত যোৱা কালি শনিবাৰে সন্ধিয়া বিনামূলীয়াকৈ কম্বল বিতৰণ কৰা হয় । গোসাইগাওঁ পিচ আৰু প্ৰগ্ৰেছ ফাউন্টেশ্বণৰ মূখ্য কাৰ্যলয় গোসাইগাওঁৰ কামাৰপাৰা গাওঁত অবস্থিত মূখ্য কাৰ্যলয়ৰ পৰা কম্বল বিতৰণ কৰা হয় ।

গোসাইগাঁৱৰ কামাৰপাৰা, পদ্মবিল, পদ্মপুখুৰী, গোসাইগাওঁ চহৰ, থুৰিবাৰী, হংসবিল, গুৱাবাৰী, টকেয়ামাৰী, বাবুবিল, বাসবাৰী, মুঠ ( ১০০ ) এশখন কম্বল বিতৰণ কৰা হয় ।গোসাইগাওঁ পিচ আৰু প্ৰগ্ৰেছ ফাউন্টেশ্বণৰ সভাপতি মোনেৰ আলীয়ে কম্বল বিতৰণ কৰি কয় যে আমি যিমান দিন যিয়াই আছো গৰিব দুখীয়া মানুহক যিমান পাৰো সহায় সহযোগিতা কৰি যাম । কম্বল বিতৰণ অনুষ্ঠানত গোসাইগাওঁ পিচ আৰু প্ৰগ্ৰেছ ফাউন্টেশ্বণৰ সভাপতি মোনেৰ আলী, সম্পাদক মো আব্দাৰ হুছেইন, আৰু সদস্য সকল লগতে কামাৰপাৰা গাওঁৰ গাওঁবুৰা ওমেদ আলী আৰু পদ্মপুখুৰী গাওঁৰ গাওঁবুড়া সুৰমান আলী মুল্লা উপস্থিত থাকে।কোনোবাই যদি এই এনজিওৰ লগত থাকি দুখীয়া মানুহক সহায় কৰিব বিচাৰে কৰিব পাৰে তেনেহলে ৮৮২২৮৭৭৭৫৩ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande