অসমত মৌলবাদী শক্তিৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান
গুৱাহাটী,০৩ জানুৱাৰী (হি.স.)। অসমত মৌলবাদী শক্তিৰ বিৰুদ্ধে অসম আৰক্ষীৰ বিশেষ অভিযানকাৰী দল (এছটিএফ)ৰ অধিনত ২০২৫ চনৰ জুনত ৰজু হোৱা এটা গোচৰৰ তদন্তত বিশেষ অগ্ৰগতি লাভ কৰা হৈছে বুলি এছটিএফৰ তৰফৰ পৰা অবগত কৰা হৈছে। জামাতুল মুজাহিদ বাংলাদেশৰ এটা ভাতৃ সং
আৰক্ষীৰ জালত পৰা জেহাদীক আদালতত হাজিৰ


গুৱাহাটী,০৩ জানুৱাৰী (হি.স.)। অসমত মৌলবাদী শক্তিৰ বিৰুদ্ধে অসম আৰক্ষীৰ বিশেষ অভিযানকাৰী দল (এছটিএফ)ৰ অধিনত ২০২৫ চনৰ জুনত ৰজু হোৱা এটা গোচৰৰ তদন্তত বিশেষ অগ্ৰগতি লাভ কৰা হৈছে বুলি এছটিএফৰ তৰফৰ পৰা অবগত কৰা হৈছে। জামাতুল মুজাহিদ বাংলাদেশৰ এটা ভাতৃ সংগঠন ইমাম মহামুদৰ কাফিলা(আইএমকে)ই অসমত বৃদ্ধি কৰা কাৰ্যকলাপ সন্দৰ্ভত এছটিএফে অভিযান চলাই চিৰাং, বাক্সা, বৰপেটা, দৰং বিভিন্ন জিলাৰ পৰা অভিযুক্ত ব্যক্তি মঃ ছিদ্দিক আলী, ৰচিদুল আলম, মঃ দিলদাৰ ৰাজক, জুনাব আলী, মিজানুৰ ৰহমান, আফ্ৰাহিন হুছেইন, চুলতান মাহমুদ, ছাহাৰুক হুছেইন, মহিবুল খান আৰু নাছিম উদ্দিনক আৰু আগৰতলা ত্ৰিপুৰাৰ(১১)পৰা জাগীৰ মিঞাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হৈছে। জেৰাৰ সময়ত অভিযুক্ত ব্যক্তি সকলে এফআইআৰত অভিযোগ অনুসৰি দোষ স্বীকাৰ কৰে।

দেখা গৈছে যে আই এম কেৰ কাৰ্যক আগুৱাই নিয়াৰ বাবে অভিযুক্তই বৰপেটা, চিৰাং আৰু অন্যান্য নামনি অসমৰ বিভিন্ন জিলাৰ অঞ্চলত পুঁজি সংগ্ৰহ আৰম্ভ কৰিছিল। তদুপৰি, যিবোৰ মছজিদত এই কাৰ্য্যৰ তত্ত্ব প্ৰদান কৰা হৈছিল, সেইবোৰত ভাৰতীয় ৰাষ্ট্ৰৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম চলোৱাৰ বাবে প্ৰচাৰ চলোৱাটো উল্লেখ আছিল। অভিযুক্তৰ উদ্দেশ্য আছিল জেহাদ/ইছলামৰ নামত হিংসাত্মক সশস্ত্ৰ কাৰ্যকলাপ উচটনি দিয়া আৰু অসম আৰু ত্ৰিপুৰাত সাম্প্ৰদায়িক/হিংসাত্মক অশান্তি বিয়পোৱা। এই কাৰ্য্যৰ সমৰ্থনত বৰপেটাৰ আমিৰ - নাচিমুদ্দিনে ত্ৰিপুৰাৰ ধৃত ব্যক্তিজনৰ সৈতে ২০২৪ চনৰ এপ্ৰিল/মে’ মাহৰ কোনোবা এটা সময়ত সভা আৰু প্ৰশিক্ষণৰ বাবে বাংলাদেশ ভ্ৰমণ কৰিছিল।

পৰ্যায়ক্ৰমে অধিক তদন্ত অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande