সোণাপুৰত চিএম ভিজিলেন্সৰ অভিযান
গুৱাহাটী, ০৩ জানুৱাৰী (হি.স.)। বিতৰ্কিত কনিষ্ঠ অভিযন্তা সুশীল তামুলীৰ মালিকানাধীন সোণাপুৰৰ শৈক্ষিক প্ৰতিষ্ঠানত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান। মুখ্যমন্ত্ৰীক দিছপুৰৰ বিধায়ক অতুল বৰাই দিয়া এটা অভিযোগৰ পিচতেই মুকলি দুৰ্নীতিৰ এক ক''লা অধ্যায়। কা
সোণাপুৰত CM ভিজিলেন্সৰ অভিযান


সোণাপুৰত CM ভিজিলেন্সৰ অভিযান


গুৱাহাটী, ০৩ জানুৱাৰী (হি.স.)। বিতৰ্কিত কনিষ্ঠ অভিযন্তা সুশীল তামুলীৰ মালিকানাধীন সোণাপুৰৰ শৈক্ষিক প্ৰতিষ্ঠানত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান। মুখ্যমন্ত্ৰীক দিছপুৰৰ বিধায়ক অতুল বৰাই দিয়া এটা অভিযোগৰ পিচতেই মুকলি দুৰ্নীতিৰ এক ক'লা অধ্যায়।

কাৰ্বি আংলঙত এইগৰাকী ধন কুবেৰ সুশীল তামুলীৰ লুণ্ঠনৰাজৰ আছে অকথিত কাহিনী ৷ কাৰ্বি আংলঙ জিলাত কৰ্মৰত অৱস্থাৰ পৰাই চৰকাৰী ধনৰ শৰাধ পতা এজন দুৰ্নীতিগ্ৰস্থ অভিযন্তা সুশীল কুমাৰ তামুলী ৷

বিগত ২৩ ডিচেম্বৰত মহানগৰীৰ বেলতলাত থকা সুশীল তামুলীৰ প্ৰাসাদোপম অট্টালিকাত চলা অভিযানৰ অন্তত আজি পুৱাৰে পৰা মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু নিৰীক্ষন কোষৰ অভিযান চলে তামুলী মালিকানাধীন ৰেডিয়েণ্ট ইণ্টাৰনেশ্বনেল স্কুলত।

৩৩/২৫ নম্বৰত গোচৰ ৰুজু কৰি বেলতলাৰ লগতে বহুকেইটা স্থানত চি এম ভিজিলেঞ্চৰ দলে চলাইছিল অভিযান ৷ অভিযন্তা সুশীল কুমাৰ তামুলীৰ ডিমৰীয়াৰ বিভিন্ন স্থানত আছে নামে-বেনামে সম্পত্তিৰ পাহাৰ।

প্ৰায় ১২ বিঘা ভূমিৰ পৰিসৰেৰে সোণাপুৰৰ মাজমজিয়াত অৱস্থিত ৰেডিয়েণ্ট ইণ্টাৰনেশ্বনেল স্কুলৰ সন্মুখ ভাগত আছে ৪০ খনকৈ ভাড়াতীয়া ব্যৱসায়িক প্ৰতিষ্ঠান, যৰ পৰা মাহে সংগ্ৰহ হয় লাখে লাখে টকা। কাৰ্বি আংলং জিলাতে চাকৰি জীৱনৰ অধিক সময় কটাই সুশীল তামুলীয়ে গঢ়িছে এই সম্পত্তিৰ পাহাৰ।

সোণাপুৰৰ শৈক্ষিক প্ৰতিষ্ঠান স্থাপন কৰা চাহ বাগানৰ ভূভিও তেওঁ জালিয়াতিৰে হস্তগত কৰাৰ অভিযোগ। শেহতীয়াকৈ পশ্চিম কাৰ্বি আংলং জিলাৰ চিনথং উন্নয়ন খণ্ডলৈ বদলি হৈ স্বেচ্ছামূলক অৱসৰৰ বাবেও আবেদন কৰিছিল দুৰ্নীতিৰ সদাগৰ সুশীল তামুলীয়ে।

ইয়াৰ পূৰ্বে তামুলীৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাত ৰুজু হৈছিল এটা গোচৰ ৷ কিন্তু ৰহস্যজনকভাৱে সেই গোচৰটোত কোনো তদন্ত কৰা নাছিল দুৰ্নীতি নিবাৰক শাখাই ৷ পৰৱৰ্তী সময়ত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই মূখ্যমন্ত্ৰীক দাখিল কৰিছিল তামুলীৰ সম্পত্তিৰ দীঘলীয়া তালিকা ৷

জানিব পৰা মতে , অতুল বৰাৰ তালিকা লাভ কৰিয়েই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তদাৰকী আৰু নিৰীক্ষণ কোষে তামুলীৰ বিৰুদ্ধে ৰুজু কৰে ৩৩/২৫ নম্বৰত গোচৰ ৷ সেই গোচৰত তদন্ত কৰি তদাৰকী কোষে লাভ কৰে সুশীল তামুলীৰ আয় বৰ্হিভূত সম্পত্তিৰ তথ্য ৷ চৰকাৰী আঁচনিৰ কোটি কোটি টকা আত্মসাৎ কৰি নামে বেনামে গঢ়িছিল সম্পত্তি ৷

সোণাপুৰত বিঘাই বিঘাই মাটি দখল কৰাৰ অভিযোগ। নীতি বৰ্হিভূতভাৱে এফ এছ গ্ৰাণ্টৰ ১২ বিঘা ভূমি দখল কৰাৰ অভিযোগ বিতৰ্কিত সুশীল তামুলীৰ বিৰুদ্ধে ৷ যি ভূমিত আছে ৰেডিয়েন্ট ইণ্টাৰনেশ্বনেল স্কুল আৰু কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান । তদুপৰি আছে তেওৰ নিজাকৈ এখন বিশাল হাৰ্ডৱেৰ প্ৰতিষ্ঠান।

মহানগৰীৰ ৰ বেতকুচিত আছে এটা বিশাল বিবাহ ভৱন। জানিব পৰা মতে মহানগৰীৰ আজাৰাতো সুশীল কুমাৰ তামুলীৰ নামত আছে বিঘাই বিঘাই ভূমি লগতে মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু নিৰীক্ষণ কোষে অভিযান চলাই সুশীল তামুলীৰ পৰা জব্দ কৰিছে ৪৫ টা বীমা পলিছি, ২৫ টাকৈ বেংক একাউণ্ট

একে সময়তে চি এম ভিজিলেঞ্চৰ অভিযানৰ পাছৰে পৰা পলাতক হৈ আছে সুশীল তামুলী ৷ সুশীল তামুলী জালত পৰিলে হয়তো আৰু ওলাব সম্পত্তিৰ তালিকা ৷ ইতিমধ্যে পুৱাৰে পৰা মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ এটি ২০ জনীয়া বিশাল দলে সোণাপুৰৰ বিদ্যালয় চৌহদত প্ৰৱেশ কৰি ভূমিৰ জৰীপ আৰম্ভ কৰাৰ লগতে পৰীক্ষা কৰিছে বিভিন্ন নথিপত্ৰ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande